শদিয়া, 19 এপ্ৰিলঃ মৰাণসকলৰ নিজ সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে পৰম্পৰাগতভাৱে ৰাতি বিহু উদযাপন কৰি আহিছে ৷ এই বছৰো ইয়াৰ ব্যতিক্ৰম নহয়, কাকপথাৰত আগন্তুক 20 এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে কাকপথাৰ ৰাজহুৱা খেলপথাৰত ৰাতি বিহুৰ উদযাপনৰ প্ৰস্তুতি প্ৰায় তুংগত হৈ পৰিছে ৷ কাকপথাৰৰ লগতে অৰুণাচলৰ বহু মৰাণ গাৱঁৰ নাচনীক মৰাণ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগে কৰ্মশালা অনুষ্ঠিত কৰি মৰাণ নৃত্যক শুদ্ধ ৰূপত প্ৰকাশ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷
কাকপথাৰত 3000 নাচনিৰে ৰাতি বিহুৰ ব্যাপক প্ৰস্তুতি - শদিয়া
কাকপথাৰত আগন্তুক 20 এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে কাকপথাৰ ৰাজহুৱা খেলপথাৰত ৰাতি বিহুৰ উদযাপনৰ প্ৰস্তুতি প্ৰায় তুংগত হৈ পৰিছে ৷ কাকপথাৰৰ লগতে অৰুণাচলৰ বহু মৰাণ গাৱঁৰ নাচনীক মৰাণ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগে কৰ্মশালা অনুষ্ঠিত কৰি মৰাণ নৃত্যক শুদ্ধ ৰূপত প্ৰকাশ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷
কাকপথাৰত 3000 নাচনিৰে ৰাতি বিহুৰ ব্যাপক প্ৰস্তুতি
মৰাণসকলৰ ৰাতিবিহুৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সচিব ৰঞ্জন চক্ৰৱতী, সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, পৰ্যটন বিভাগৰ সঞ্চালক দেৱকুমাৰ মিশ্ৰ, আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি বোলছবি জগতৰ অভিনেত্ৰী শ্যামন্তীকা শৰ্মা আদি উপস্থিত থাকে ৷