জাগুন,7 মে’ : জাগুনৰ 1 নং ফাণেং গাঁৱত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । জাগুন পঞ্চায়তৰ অন্তৰ্গত 1 নং ফাণেং গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকীকৰণ কৰা হৈছিল মূল পথটোৰ ৷ কিন্তু পকী কৰা পথটোক লৈ ক্ষোভ স্থানীয় ৰাইজৰ ৷ অভিযোগ অনুসৰি নন্দলাল সিং নামৰ ঠিকাদাৰজনে নিৰ্মাণৰ কামত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাত এতিয়া বখলা-বখলে এৰাইছে পথটোৰ কিছু অংশ ৷ আনহাতে পথটো মাজত বহুওৱা কালভাৰসমুহো অতি বিপদজ্জনক অৱস্থাত ৰাখি দায়িত্ব সামৰিছে ঠিকাদাৰ গৰাকীয়ে ৷
নিৰ্মাণৰ দুদিন পাচতেই জাগুণত চপৰা-চপৰে এৰাল পকীপথ - জাগুণ
জাগুন পঞ্চায়তৰ অন্তৰ্গত 1 নং ফাণেং গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকীকৰণ কৰা হৈছিল মূল পথটোৰ ৷ কিন্তু পকী কৰা পথটোক লৈ ক্ষোভ স্থানীয় ৰাইজৰ ৷
নিৰ্মাণৰ দুদিন পাচতেই জাগুণত চপৰা-চপৰে এৰাল পকীপথ
অতিশীঘ্ৰে পথটো ভালদৰে নিৰ্মাণ নকৰিলে পথটো বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ৷ দুৰ্নীতি নিৰ্মূলৰ শপত পাঠ কৰা ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই এতিয়া এই সমূহ দুৰ্নীতি ৰোধ কৰি ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত কেনে ব্যৱস্থা লয় সেইয়া লক্ষণীয় হ'ব ৷