অসম

assam

ETV Bharat / state

ধাৰাবাহিকভাৱে অব্যাহত CAAৰ বিৰোধী প্ৰতিবাদ

CAA বাতিলৰ দাবীত অব্যাহত ধাৰাবাহিক প্ৰতিবাদ ৷ ডুমডুমাত বিশাল সংকল্প সমাৰোহ আয়োজন ৷ বৰপেটাতো আজি জাতিধ্বংসী অভিহিত আইনখনৰ বিৰুদ্ধে আয়োজন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ পিচ পৰি নাথাকিল বটদ্ৰৱাও ৷ মংগলদৈতো দৰং জিলা সাহিত্য সভা, সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত 'দৰঙী ধ্বনি' কাৰ্যসূচী ৷ নাকেৰে SAVE ASSAM শীৰ্ষক তৈলচিত্ৰ অংকণ কৰি প্ৰতিবাদ সাব্যস্ত গুৱাহাটীত ৷ সমান্তৰালভাৱে হোজাইতো দেখিবলৈ পোৱা CAA বাতিলৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ৷ CAA বিৰুদ্ধে বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ আহ্বানত তিনি ঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী আয়োজন নলবাৰীত ৷

By

Published : Dec 22, 2019, 7:37 PM IST

বাতিলৰ দাবীত প্ৰতিবাদ
বাতিলৰ দাবীত প্ৰতিবাদ

নিউজ ডেস্ক, 22 ডিচেম্বৰ: CAA বাতিলৰ দাবীত ডুমডুমাত বিশালসংকল্প সমাৰোহআয়োজন কৰা হয় ৷ বিশাল সংকল্প সমাৰোহত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই উপস্থিত থাকি ৰাজ্য চৰকাৰে বিভিন্ন কৌশল অৱলম্বন কৰি মিছাৰ আশ্ৰয় লোৱা বুলি উল্লেখ কৰে । লগতে কেবিনেটত ঘোষণা কৰা অনুসৰি সকলো ক্ষমতা প্ৰদান কৰিলেও অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইনমানি নলয় বুলি স্পষ্ট কৰি দিয়ে ।

এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা ৷ তেওঁৰ মতে, CAA বিৰোধী আন্দোলন দেখি চৰকাৰ সংকিত হৈছে আৰু কেবিনেটে লোৱা সিদ্ধান্ত এক আভুৱা ভৰা সিদ্ধান্ত ৷

হাজাৰ-হাজাৰ ৰাইজৰ উপস্থিতিত ডুমডুমা খেলপথাৰত অনুষ্ঠিত এই বিশাল সমাৰোহত গীত-কবিতাৰে CAAৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰী সকলে ৷

ডুমডুমাত বিশাল সংকল্প সমাৰোহ

বৰপেটা:বৰপেটাতো আজি জাতিধ্বংসী অভিহিত আইনখনৰ বিৰুদ্ধে আয়োজন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত আজি সত্ৰনগৰীৰ নাৰীসমাজে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনোৱাৰ লগতে কেবিনেটে লোৱা সিদ্ধান্ত সম্পৰ্কেও মত প্ৰকাশ কৰে ৷ তেওঁলোকে কেবিনেটৰ সিদ্ধান্তক প্ৰথমে গুলীবিদ্ধ কৰি তাৰ পিচত বুলেটপ্ৰুফ পিন্ধাব বিচৰা বুলি অভিহিত কৰে ৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্মান সহকাৰে ডিঙিত লৈ থকা বুলি কোৱা গামোছাখন অসমীয়াক ওভতাই দিবলৈ আহ্বান জনালে ৷

বৰপেটাতো জাতিধ্বংসী অভিহিত আইনখনৰ বিৰুদ্ধে আয়োজন প্ৰতিবাদী কাৰ্যসূচী

বটদ্ৰৱা:পিচ পৰি নাথাকিল বটদ্ৰৱাও ৷ দেওবাৰে গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা থান প্ৰাংগণত ৰূপায়ণ কৰা হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী । সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিলে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীসহ বটদ্ৰৱাৰ একাংশ ৰাইজে ৷

চৰকাৰৰ সুমতি বিচাৰি মহাপুৰুষ গুৰু দুজনাৰ ৰচিত ঘোষা আৰু ভূপেন হাজৰিকাৰ চিৰযুগমীয়া গীত গাই সাব্যস্ত কৰিলে প্ৰতিবাদ ।

পিচ পৰি নাথাকিল বটদ্ৰৱাও

দৰং:মংগলদৈতো দৰং জিলা সাহিত্য সভা, সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত 'দৰঙী ধ্বনি' কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ মংগলদৈ গান্ধী ময়দানত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, বিশিষ্ট সাংবাদিক অদীপ ফুকন, আছুৰ কেন্দ্ৰীয় নেতৃত্ব আৰু শতাধিক সচেতন লোকে অংশগ্ৰহণ কৰে ৷

মংগলদৈত আয়োজন 'দৰঙী ধ্বনি'

গুৱাহাটী:নাকেৰে SAVE ASSAM শীৰ্ষক তৈলচিত্ৰ অংকণ কৰি প্ৰতিবাদ সাব্যস্ত গুৱাহাটীত ৷Five G Plus নামৰ এক বেচৰকাৰী সংস্থাৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ নাসিক চিত্ৰকাৰশিৰোমণি দলেয়ে SAVE ASSAM তৈলচিত্ৰ অংকণ কৰি CAAৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

নাকেৰে SAVE ASSAM শীৰ্ষক তৈলচিত্ৰ অংকণ কৰি প্ৰতিবাদ সাব্যস্ত গুৱাহাটীত

হোজাই:সমান্তৰালভাৱে হোজাইতো দেখিবলৈ পোৱা CAA বাতিলৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ৷ CITUআৰুAITUC ৰ যৌথ উদ্যোগত শতাধিক সদস্যই হোজাইৰ বিহুতলী ৰাজহুৱা খেলপথাৰৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰি বিভিন্ন ধৰণৰ শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

হোজাইতো দেখিবলৈ পোৱা CAA বাতিলৰ দাবীত প্ৰতিবাদ

নলবাৰী: CAA বিৰুদ্ধে বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ আহ্বানত তিনি ঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী আয়োজন নলবাৰীৰ ঘগ্ৰাপাৰত ৷ CAA আৰু চৰকাৰ বিভিন্ন বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত সচেতন লোকৰ ৷

তিনি ঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী আয়োজন নলবাৰীত

লগতে পঢ়ক:'CAA' ৰ বেপাৰটোক লৈ কোনেও চিন্তা কৰিব নালাগে !

ABOUT THE AUTHOR

...view details