অসম

assam

By

Published : Sep 20, 2019, 3:34 AM IST

Updated : Sep 20, 2019, 9:00 AM IST

ETV Bharat / state

দুষ্প্ৰাপ্য বন্যপ্ৰাণী বধ কৰি ভোজমেল

বন বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 20 মিটাৰ নিলগতে দুষ্প্ৰাপ্য বন্যপ্ৰাণী নিধন কৰি ভোজমেল,কাণসাৰ নাই বন বিভাগৰ ৷

দুষ্প্ৰাপ্য বন্যপ্ৰাণী বধ কৰি ভোজমেল

তিনিচুকীয়া,20 ছেপ্তেম্বৰঃতিনিচুকীয়া জিলাৰ কাকপথাৰৰ বন বিষয়া কাৰ্যালয়ৰ সন্মুখতে বন্যপ্ৰাণী বধ কৰি ৰাজহুৱা ভোজমেল ৷ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কাকপথাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 20 মিটাৰ নিলগত একাংশ লোকে এজনি প্ৰায় ছয়-সাত কেজি ওজনৰ আপুৰুগীয়া গুঁই বধ কৰি ইয়াৰ মাংস বিক্ৰী কৰাৰ লগতে ভাগ বতৰা কৰি ভোজ মেল পাতি উল্লাস কৰা বুলি জানিব পৰা গৈছে ৷ কিন্তু, ঘটনাটোক লৈ চকু মুদা কুলিৰ বেশত বনবিভাগৰ লোক ৷ বন-বিভাগৰ কৰ্মচাৰীসকল অন্য কামত যোৱাৰ বাবে এনে ঘটনা সংঘটিত হবলৈ পালে বুলি উল্লেখ কৰাৰ লগতে মটৰ চাইকেলেৰে এজনক ঘটনাস্থলীলৈ এজন বনকৰ্মীক পঠিওৱা বুলি দায়সৰা মন্তব্য কাকপথাৰ বনাঞ্চলিক বিষয়াৰ ৷

এই ঘটনাক লৈ এতিয়া সৰৱ হৈ পৰিছে একাংশ সচেতন লোক ৷ এইদৰে বন্যপ্ৰাণী ৰোধ কৰি ভোজমেল পতা কাৰ্যক গৰিহণা দিছে আৰ.কে.ৱেলফেয়াৰ ছচাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ বিষয়টোৰ ক্ষেত্ৰত জড়িত সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ লগতে এনে ধৰণৰ কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷

Last Updated : Sep 20, 2019, 9:00 AM IST

ABOUT THE AUTHOR

...view details