তিনিচুকীয়া, ১৯ মাৰ্চ : তিনিচুকীয়াত জিলা প্ৰশাসন আৰু মটক সংগঠনৰ উদ্যোগত পশুপালন প্ৰশিক্ষণ আৰু চেক্ বিতৰণ কাৰ্যসূচী৷ তিনিচুকীয়া জিলা প্ৰশাসন আৰু মটক জনগোষ্ঠীৰ মূল সংগঠন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ- ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এক পশু পালন সম্পৰ্কীয় কৰ্মশালা ৷ 18 মাৰ্চ, শনিবাৰে বৰগুৰিস্থিত সংগঠন কেইটাৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই প্ৰশিক্ষণ কাৰ্যসূচীৰ (Animal Husbandry Training in Tinisukia) ।
কৰ্মশালাখনিৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তই । প্ৰশিক্ষণ প্ৰদান কৰে পশু চিকিৎসকদ্বয় ডাঃ মানস প্ৰতীম ঠাকুৰীয়া আৰু ডাঃ ৰবী শংকৰ চৌধুৰীয়ে । জিলাখনৰ 350 টা হিতাধিকাৰী গোটক লৈ আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত গোটসমূহৰ মাজত এক লাখকৈ টকাৰ চেক্ বিতৰণ কৰা হয় (Cheque distribution in Tinisukia) ।
এই অনুষ্ঠানত তিনিচুকীয়া জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জিলা বিষয়া ডাঃ ৰূপজিৎ কাকতি, মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, উপাধ্যক্ষ দেৱৰ্ষি চেতিয়া, সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোহাঁই, সম্পাদক কিৰণ ৰাজখোৱাৰ লগতে সদৌ অসম মটক যুৱ- ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁই, উপদেষ্টা কুলদ্বীপ গোহাঁই, সম্পাদক স্বৰূপ গোহাঁই, সদৌ অসম মটক মহিলা পৰিষদৰ সম্পাদিকা পূৰৱী খনিকৰ উপস্থিত থাকে (Matak Autonomous Council) ৷ অনুষ্ঠানত নিৰ্বাচিত গোটসমূহক তেওঁলোকে লাভ কৰা পুঁজিৰে স্বৱলম্বীতাৰ নিৰ্দশন দাঙি ধৰিবলৈ আহ্বান জনায় অতিথি সকলে (Animal husbandry training organized by Matak organization)।