তিনিচুকীয়া, 21 অক্টোবৰ : তিনিচুকীয়াত পুনৰ ভাৰতীয় সেনাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰৰ অভিযোগ যুৱতীৰ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীয়ে তিনিচুকীয়া সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷
অভিযোগ অনুসৰি, বুধবাৰে সন্ধিয়া দিনজান সেনা চাউনীৰ এগৰাকী জোৱানে স্থানীয় এখন দোকানত সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ লগতে নানান অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগউত্থাপন হৈছে । পৰৱৰ্তী সময়ত ভুক্তভোগী পৰিয়ালটোৱে তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰি ঘটনা সন্দৰ্ভত তদন্ত বিচাৰিছে ৷