তিনিচুকীয়া, 25 জুলাই :সোমবাৰে সমগ্ৰ তিনিচুকীয়া জিলাতে ২৪ ঘণ্টীয়া অইল বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাই । বাঘজানত আৰক্ষীয়ে শনিবাৰে প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে সৰব হৈ পৰিছে মৰাণ জনগোষ্ঠীয় ছয় সংগঠন । যাৰবাবে দেওবাৰে তিনিচুকীয়াৰ বদৌচা ভৱনত সংবাদমেল আয়োজন কৰি ২৬ জুলাইত ২৪ ঘণ্টীয়া অইল বন্ধ কাৰ্যসূচী ঘোষণা কৰে সংগঠনকেইটাই । ইয়াৰ লগতে এই ঘটনাৰ সন্দৰ্ভত মানৱ অধিকাৰ ওচৰত সংগঠনকেইটাই গোচৰ তৰাৰ হুংকাৰ দিয়ে সংগঠনকেইটাই ।
উল্লেখ্য যে, ২০২০ বৰ্ষত বাঘজানৰ BGR ৫ নং তৈলখাদত সংঘটিত অগ্নিকাণ্ডৰ এবছৰ সময় পাৰ হোৱাৰ পাছতো ক্ষতিগ্ৰস্তই আজি পৰ্যন্ত সম্পূৰ্ণ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ’ল । অইল ইণ্ডিয়াৰ চূড়ান্ত গাফিলতিৰ বাবে সংঘটিত হোৱা এই অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোৰ জীৱ-জন্তু, পশু-পক্ষীৰ লগতে দাঁতি কাষৰীয়া ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মাগুৰি মটাপুং বিলৰ পাৰিপাৰ্শ্বিকতা একেবাৰে বিনষ্ট কৰি পেলালে । অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালে যি ক্ষতিপূৰণ পাব লাগিছিল সেয়া আজিলৈকে প্ৰদান কৰা নহ’ল ।