অসম

assam

ETV Bharat / state

Single Use Plastic in Tinsukia: তিনিচুকীয়াত অব্যাহত নিষিদ্ধ পলিথিনৰ ব্যৱহাৰ, ব্যৱসায়ীক কৰায়ত্ত

এবাৰ ব্যৱহাৰযোগ্য পলিথিনৰ ব্যৱহাৰ অব্যাহত আছে তিনিচুকীয়াত (Single Use Plastic in Tinsukia)৷ তিনিচুকীয়া চহৰৰ মাজ-মজিয়াত আৰক্ষী-প্ৰশাসনৰ সন্মুখতেই চলি আছে নিষিদ্ধ সামগ্ৰীৰ ব্যৱহাৰ ৷ শনিবাৰে নিষিদ্ধ প্লাষ্টিকৰ বিৰুদ্ধ অভিযানত নামিল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷

By

Published : Jan 7, 2023, 9:43 PM IST

Updated : Jan 7, 2023, 10:13 PM IST

Single Use Plastic in Tinsukia
তিনিচুকীয়াত অব্যাহত আছে নিষিদ্ধ পলিথিনৰ ব্যৱহাৰ

তিনিচুকীয়া, 7 জানুৱাৰী :তিনিচুকীয়াত শনিবাৰে নিষিদ্ধ পলিথিনৰ ব্যৱসায় চলাই যোৱা ব্যৱসায়ীক কৰায়ত্ত কৰা হয় ৷ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে ব্যৱসায়ীজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৷ চৰকাৰী নিৰ্দেশনাৰ পাছতো তিনিচুকীয়া চহৰত নিষিদ্ধ পৰিলথিনৰ ব্যৱহাত অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈছে ৷

তিনিচুকীয়াত অব্যাহত আছে নিষিদ্ধ পলিথিনৰ ব্যৱহাৰ

তিনিচুকীয়াত জিলা প্ৰশাসনৰ সন্মুখতে অব্যাহত আছে নিষিদ্ধ পলিথিনৰ ৰমৰমীয়া ব্যৱসায় (Single Use Plastic in Tinsukia)৷ তিনিচুকীয়াত জিলা প্ৰশাসন, আৰক্ষীৰ চকুৰ সন্মুখতে নিষিদ্ধ পলিথিনৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে ৷ তিনিচুকীয়াৰ জিলাৰ প্ৰাণকেন্দ্ৰ চাইদিং বজাৰৰ পৰা পৰিচালিত হয় নিষিদ্ধ পলিথিনৰ ৰমৰমীয়া বজাৰখন ৷

তিনিচুকীয়া চহৰত চৰকাৰী নীতি-নিৰ্দেশনাক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপিত হৈছে একাংশ মুনাফালোভী ব্যৱসায়ীৰ বিৰুদ্ধে ৷ বাৰম্বাৰ চৰকাৰীভাৱে জাননী দিয়াৰ পাছতো একাংশ ব্যৱসায়ীয়ে কেৰেপ নকৰে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগক । শনিবাৰে তিনিচুকীয়াৰ হিজুগুৰিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াই মহম্মদ জাবেদ নামৰ এজন ব্যৱসায়িক নিষিদ্ধ পলিথিনৰ অবৈধ ব্যৱসায় চলাই থকা অৱস্থাত ধৰা পেলাই স্থানীয় আৰক্ষীক গতাই দিয়ে (Businessman trapped by AJYCP in Tinsukia)।

আৰক্ষীৰ চকুত ধূলি দি এই মহম্মদ জাবেদ নামৰ ব্যৱসায়ীজনে হিজুগুৰিত দীৰ্ঘদিনৰ পৰা নিষিদ্ধ পলিথিনৰ ৰমৰমীয়া ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে পলিথিনৰ ব্যৱসায়ীজনক কৰায়ত্ত কৰাৰ পাছত হিজুগুৰি আৰক্ষীক গতাই দিয়ে ৷

আৰক্ষীয়ে জাবেদৰ এ এছ ২৩ ইউ ১৬৮৬ নম্বৰৰ এখন স্কুটী আৰু ব্যৱহাৰৰ নিষিদ্ধ পলিথিন জব্দ কৰি চীল কৰে (Plastic bag seized in Tinsukia)৷ আনহাতে নিষিদ্ধ পলিথিনৰ ব্যৱসায়ী মহম্মদ জাভেদৰ ভাষ্য অনুসৰি পলিথিনখিনি চাইডিং বজাৰৰ পৰা ক্ৰয় কৰিছিল ৷ পলিথিনখিনিৰ মূল মালিক বুধেন চেতিয়া নামৰ এজন লোক যদিও অভিশেষ সিং নামৰ লোকজনৰ পৰা নিষিদ্ধ পলিথিনখিনি ক্ৰয় কৰিছিল হিজুগুৰিৰ বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যে ৷

লগতে জাভেদে স্পষ্টকৈ উল্লেখ কৰে যে তিনিচুকীয়াৰ বজাৰত মুকলিকৈ নিষিদ্ধ পলিথিনৰ ব্যৱসায় চলি আছে । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা মিথুন বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসন কিম্বা আৰক্ষীক এনেধৰণৰ মুনাফালোভী ব্যৱসায়ীৰ ওপৰত কঠোৰ হ’বলৈ আহ্বান জনোৱাৰ লগতে কেনেদৰে চহৰৰ মাজমজিয়াত সকলোৰে সন্মুখত মুকলিকৈ কেনেদৰে নিষিদ্ধ পলিথিনৰ ৰমৰমীয়া ব্যৱসায় চলাই যাব পাৰিছে সেয়া ৰহস্যজনক বুলি মন্তব্য কৰে (AJYCP mission against polythene in Tinsukia)৷

লগতে পঢ়ক:New Extremist Group in BTR: বিটিআৰত নতুন সশস্ত্ৰ সংগঠনৰ পৰিকল্পনা ! প্ৰাক্তন বিধায়কসহ আটক ৩

Last Updated : Jan 7, 2023, 10:13 PM IST

ABOUT THE AUTHOR

...view details