অসম

assam

ETV Bharat / state

কাকপথাৰত AJYCP ৰ মানৱ-শৃংখল কাৰ্যসূচী - কাকপথাৰত AJYCP ৰ বৃহৎ মানৱ-শৃংখল কাৰ্যসূচী ৰূপায়ণ

সংগঠনটোৰ শতাধিক কৰ্মীয়ে বিভিন্ন শ্ল'গানেৰে কাকপথাৰ চহৰৰ পৰিবেশ উত্তাল কৰি তোলে ৷ উক্ত কাৰ্যসূচীৰ জৰিয়তে যিকোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ গ্ৰহণ নকৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ৷

AJYCP
কাকপথাৰ

By

Published : Aug 5, 2020, 4:18 PM IST

শদিয়া, 5 আগষ্টঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বুধবাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিয়ে ৷ বুধবাৰে জিলাখনৰ কাকপথাৰৰ অসমীয়া দূৰ্গা পূজা মন্দিৰৰ প্ৰাংগনত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতৃত্বৰ লগতে সদস্যসকলে ৷ CAA আৰু অখিল গগৈৰ মুক্তিৰ লগতে পৰিৱেশ প্ৰভাৱ সম্পৰ্কীয় খচৰাকলৈও ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল ৷

লগতে পঢ়কঃভূমি পূজনক কেন্দ্ৰ কৰি খুমটাইত ব্যাপক উৎসাহ

কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে এনভায়ৰমেন্ট ইম্পেক্ট এছেছমেন্ট (EIA) সন্দৰ্ভত কেতবোৰ নতুন নীতি জাৰি কৰা জাননীয়ে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি প্ৰচণ্ড ভাবুকি আনিব পৰা এনে একপক্ষীয় সিদ্ধান্তৰ বাবে জাঙুৰ খাই উঠিছে সৰ্বসাধাৰণৰ লগতে দল সংগঠন । সেয়ে বুধবাৰে এই খচৰা বাতিলৰ দাবীতো প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতিয়তাবাদী যুৱ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিয়ে ৷

AJYCP ৰ বৃহৎ মানৱ-শৃংখল কাৰ্যসূচী ৰূপায়ণ

সংগঠনটোৰ শতাধিক কৰ্মীয়ে বিভিন্ন শ্ল'গানেৰে কাকপথাৰ চহৰৰ পৰিবেশ উত্তাল কৰি তোলে ৷ উক্ত কাৰ্যসূচীৰ জড়িয়তে যিকোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ গ্ৰহণ নকৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ৷ লগতে প্ৰয়োজনত ইয়াতকৈ তীব্ৰ আন্দোলনেৰে বিৰোধীতা কৰি যোৱাৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্য সকলে ৷ সমান্তৰালভাবে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিবলৈও দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷

ABOUT THE AUTHOR

...view details