শদিয়া,27 ছেপ্তেম্বৰঃ ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী , অসম পেট্ৰকেমিকেলছৰ প্ৰাক্তন অধক্ষ্য তথা ৰাজ্যত নকৈ গঠন হোৱা অসম জাতীয় পৰিষদ নামৰ ৰাজনৈতিক দলৰ সমন্বয়ক জগদীশ ভূঞা দেওবাৰে নিজ গৃহ ভূমিত উপস্থিত হোৱাৰ লগে-লগে বিপুল আদৰণি জনাই তেওঁৰ অনুৰাগী সকলে ৷ ডুমডুমা , ৰূপাই , তালাপ , ডাঙৰী , ধলা , শদিয়া , কাকপথাৰ আদি বিভিন্ন স্থানৰ প্ৰায় তিনি শতাধিক লোকে নেৰানেপেৰা বৰষুণকো নেওচি এক বিশাল বাইক ৰেলীৰে ৰূপাই চাইডিঙৰ পৰা তেওঁক আদৰি নিয়ে ৷
গৃহ ভূমিত বিপুল আদৰণি AJP সমন্বয়ক জগদীশ ভূঞাক - আঞ্চলিক দল একত্ৰিকৰণ
তিনিচুকীয়াত উপস্থিত হোৱাৰ পাছত ডুমডুমাত বৃহৎ সংখ্যক লোকে তেওঁক সম্বৰ্দ্ধনা জনায় ৷ ইয়াৰ পাছতেই তেওঁ পোনে পোনে নিজ গৃহ ভূমি কাকপথাৰ দিশে ৰাওনা হয় ৷
প্ৰাক্তন বিধায়ক গৰাকী নিজ জিলা তিনিচুকীয়াত উপস্থিত হোৱাৰ পাছত ডুমডুমাত বৃহৎ সংখ্যক লোকে তেওঁক সম্বৰ্দ্ধনা জনায় ৷ ইয়াৰ পাছতেই তেওঁ পোনে-পোনে নিজ গৃহ ভূমি কাকপথাৰ দিশে ৰাওনা হয় ৷ প্ৰাক্তন বিধায়ক গৰাকী ৰূপাই চাইডিঙৰ পৰা কাকপথাৰলৈ আহি কাকপথাৰ চহৰ বাইক ৰেলীৰে পৰিভ্ৰমণ কৰি আঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰক্ষাগৃহত সামৰণি মাৰে ৷ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত প্ৰায় সহস্ৰাধিক ৰাইজে অসম জাতীয় পৰিষদ দলত যোগদান কৰে ৷ তাৰ পাছতেই তেওঁ সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ কয় যে, আঞ্চলিক দল একত্ৰিকৰণ সন্দৰ্ভত অচিৰেই আলোচনাৰ মাধ্যমেৰে ৰাজ্যৰ আঞ্চলিক শক্তি একত্ৰিত হ’ব ৷ উল্লেখ্য যে, জগদীশ ভূঞই কা’ বিৰোধিতা কৰি বিজেপি দল ত্যাগ কৰিছিল আৰু অসম পেট্ৰকেমিকেলছৰ অধক্ষ্যৰ দৰে কেবিনেট পৰ্যায়ৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল ৷ সম্প্ৰতি নেতা গৰাকীৰ ২০২১ ৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী কুঁচকাৱাজৰ ছবিখনে ইয়াকেই প্ৰমাণ কৰে যে, শদিয়া সমষ্টিৰ নিৰ্বাচনী যু্ঁজ খন বেছ লক্ষ্যণীয় হ’ব ৷
লগতে পঢ়কঃ 2.50 লাখ নামঘৰলৈ অনুদান ৰাজ্য চৰকাৰৰ: ৰণজিৎ কুমাৰ দাস