অসম

assam

By

Published : Jul 13, 2020, 2:13 AM IST

Updated : Jul 13, 2020, 2:46 AM IST

ETV Bharat / state

বৰ্ষীয়ান আলফা নেতা লেঃ কৰ্ণেল মন্টু অসমৰ আত্মসমৰ্পণ

শনিবাৰে অৰুণাচলৰ লাজুত ৬নং আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ স্বাধীন গোটৰ জ্যেষ্ঠ নেতা লেঃ কৰ্ণেল বিজয় দাস ওৰফে ভদ্ৰেশ্বৰ দাস ওৰফে মন্টু অসমে ৷ ১৯৮৯ চনতে আলফাত যোগদান কৰা বৰ্ষীয়ান নেতা গৰাকীয়ে ৷

lieutenant colonel Montu Asom surrendered
lieutenant colonel Montu Asom surrendered

তিনিচুকীয়া,12 জুলাই :আলফা স্বাধীনত মোক্ষম আঘাত ৷ সংগঠন এৰিলে এগৰাকী জ্যেষ্ঠ সদস্যই ৷ শনিবাৰে অৰুণাচলৰ লাজুত ৬নং আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ স্বাধীন গোটৰ জ্যেষ্ঠ নেতা লেঃ কৰ্ণেল বিজয় দাস ওৰফে ভদ্ৰেশ্বৰ দাস ওৰফে মন্টু অসমে ৷ ১৯৮৯ চনতে আলফাত যোগদান কৰা বৰ্ষীয়ান নেতা গৰাকীয়ে বিদ্ৰোহী সংগঠনটোৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

মন্টু অসমে কি কাৰণত আত্মসমৰ্পণ কৰিলে সেইয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ আত্মসমৰ্পণৰ সময়ত নেতাগৰাকীয়ে কোনো অস্ত্ৰ সস্ত্ৰ জমা দিয়া নাই বুলি জানিব পৰা গৈছে ৷ বিদ্ৰোহী নেতাগৰাকীৰ ঘৰ অসমৰ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰত ৷

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ খুনচাত ৬ নং অসম ৰাইফলচৰ সংবাদমেল

Last Updated : Jul 13, 2020, 2:46 AM IST

ABOUT THE AUTHOR

...view details