অসম

assam

By

Published : Sep 22, 2020, 5:42 PM IST

ETV Bharat / state

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত চাহ শ্ৰমিকসকলৰ ৷ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত সাব্যস্ত এই প্ৰতিবাদ ৷

ACMS protest in front of circle office dumduma tinsukia assam etv bharat news
চাহ শ্ৰমিকৰ প্ৰতিবাদ

ডুমডুমা,22 ছেপ্তেম্বৰ:চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত কৰ্মৰত শ্ৰমিকৰ নুন্যতম মজুৰি নিৰ্ধাৰণ কৰা, আদিবাসী চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰা আদি কেইবাটাও সমস্যা সমাধানৰ দাবীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ মজদুৰ সংঘয়ে ৷

চাহ শ্ৰমিকৰ প্ৰতিবাদ

সংগঠনটোৰ সদস্যসকলে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই প্ৰতিবাদত অংশ লয় ডুমডুমাৰ কেইবাখনো বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলে ৷ চাহ শ্ৰমিকসকলৰ তৰফৰ পৰা সংঘৰ বিষয়ববীয়াসকলে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

লগতে চাওকঃযোৰহাট পৌৰসভাৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details