শদিয়া, 2 ফেব্ৰুৱাৰী : পুনৰ ৰাজপথলৈ ওলাই আহিছে সদৌ অসম ছাত্ৰ সন্থা ৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সোমবাৰে সমগ্ৰ অসমতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰুপায়ণ কৰা হয় ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তালাপ বাজৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াত সোমবাৰে ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাইও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে ৷
উল্লেখযোগ্য যে, দেওবাৰে শুৱালকুচি আৰু তেজপুৰ ছাত্ৰ সন্থাই লোৱা গণতান্ত্ৰিক কায্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে ছাত্ৰ সন্থাৰ সদস্যসকলক প্ৰহাৰ কৰিছিল ৷ সেই মৰ্মে অসম চৰকাৰৰ এই কাৰ্যক প্ৰতিবাদ জনাই সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমতে আঞ্চলিক পয্যায়ত এই প্ৰতিবাদী কায্যসূচী হাতত লয় ৷
আনহাতে, আগুন্তুক দিনত এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অসম চৰকাৰক সকিয়নী প্ৰদান কৰে তিনিচুকীয়া জিলাৰ সহকাৰী সাধাৰণ সম্পাদক পুহেস্বৰ সোনোৱালে ৷
লগতে পঢ়ক :চাৰিদুৱাৰত গাড়ী চালকক গুলিয়াই হত্যা,গাড়ী লৈ উধাও দুৰ্বৃত্ত