অসম

assam

ETV Bharat / state

ডুমডুমাত চিকিৎসাৰ পৰা বঞ্চিত তিনি বছৰীয়া শিশু ! - শংকৰদেৱ নগৰ

ডুমডুমাৰ শংকৰদেৱ নগৰ কলনিৰ নিবাসী ছৈফুল ইচলামৰ তিনি বছৰীয়া কন্যাজনী এবছৰ ধৰি কিডনীৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে । পিতৃয়ে কন্যাজনীৰ চিকিৎসাৰ বাবে সু- ব্যৱস্থা কৰি দিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে ৷

ETV BHARAT
ডুমডুমাত চিকিৎসাৰ পৰা বঞ্চিত তিনি বছৰীয়া শিশু !

By

Published : May 19, 2020, 6:24 PM IST

ডুমডুমা,19 মেঃডুমডুমাৰ শংকৰদেৱ নগৰ কলনিৰ এটি তিনি বছৰীয়া শিশু চিকিৎসাৰ পৰা বঞ্চিত হৈছে ৷ এবছৰ ধৰি কিডনীৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে শিশুটি ।

ডুমডুমাত চিকিৎসাৰ পৰা বঞ্চিত তিনি বছৰীয়া শিশু !

লক ডাউনত মানুহৰ সাধাৰণ জীৱন যাপনত ব্যাঘাত হোৱাৰ লগতে বহুতো কৰুণ কাহিনী সততে পোহৰলৈ অহা পৰিলক্ষিত হৈছে । ডুমডুমাৰ শংকৰদেৱ নগৰ কলনিৰ নিবাসী ছৈফুল ইচলামৰ তিনি বছৰীয়া কণ্যা আফ্ৰিনা বেগম নামৰ শিশুটি আজি এবছ ধৰি NEPHROTIC নামৰ কিডনীৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে । দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃয়ে জানিবলৈ দিয়া মতে ডিব্ৰুগড়স্থিত এক ব্যক্তিগত নাৰ্চিং হোমত বিগত এবছৰ ধৰি শিশুটিৰ চিকিৎসা অব্যাহত আছে যদিও বিগত দুমাহ লক ডাউন হোৱাত শিশুটিৰ চিকিৎসাত বাধাৰ সন্মূখীন হৈছে পৰিয়ালটো । এই সন্দৰ্ভত জিলা ছাত্ৰ সন্থাই খবৰটো পায় ছাত্ৰ সন্থাৰ বিষয়ববীয়া মঙলবাৰে শিশুটিৰ গৃহত উপস্থিত হয় ৷ ছাত্ৰ সন্থাৰ সদস্য সকলে দুৰ্ভগীয়া পৰিয়ালটোক আৰ্থিক সাহাৰ্য্যৰ লগতে কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে ।আনহাতে পিতৃয়ে কন্যাজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰাবলৈ চৰকাৰক কাতৰ আহ্বান জনায় ৷ লগতে ছাত্ৰ সন্থাৰ সদস্য সকলে শিশুটিৰ চিকিৎসাৰ সমস্ত দায়িত্ব প্ৰশাসনক গ্ৰহন কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক- দুটা পৃথক দুৰ্ঘটনাত নিহত সাতজন প্ৰৱজক শ্ৰমিক

ABOUT THE AUTHOR

...view details