মাঘেৰিটা, 11নৱেম্বৰঃ মাঘেৰিটা নগৰৰ অসম ৰাজ্যিক বাছ ষ্টেণ্ডৰ (ASTC) সন্মুখত বুধবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ হয় ৷ ইয়াৰ পিচতে সমগ্ৰ অঞ্চলটোৰ স্থানীয় লোকৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি হয় ৷
প্ৰথম অৱস্থাত অচিনাক্ত ব্যক্তিজনৰ পৰিচয় অনুসন্ধান কৰাত লেখাপানী গোম্বা মন্দিৰৰ সমিপৰ নিবাসী বুলি জানিব পৰা যায় ৷ ব্যক্তিজনৰ নাম ৰাজেশ সোনাৰ আৰু তেওঁৰ বয়স 52 বছৰ।
মাৰ্ঘেৰিটা ASTC বাছ ষ্টেণ্ডত মৃতদেহ উদ্ধাৰ উল্লেখ্য যে, ডিগবৈৰ এ অ ডি'ৰ কণ্টেকচোৱেল লেবাৰ হিচাপে কৰ্মৰত ব্যক্তিজন ৷ মঙলবাৰে পুৱা কৰ্মক্ষেত্ৰলৈ বুলি ওলাই আহিছিল ব্যক্তিজন ।
ইফালে কি পৰিস্থিতিত ৰাজেশৰ মৃত্যু হ'ল বাতৰি সংগ্ৰহ কৰা সময়লৈকে জানিব পৰা হোৱা নায় । ইতিমধ্যেই মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে লগতে সমগ্ৰ ঘটনাৰ প্ৰাথমিক তদন্তও আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃ ট্ৰেভেলাৰ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত আহত 6