অসম

assam

By

Published : Jun 20, 2023, 11:32 AM IST

ETV Bharat / state

Crime in Tinsukia : তিনিচুকীয়াৰ বিতৰ্কিত লটাৰী খেলৰ সৈতে জড়িত চাৰি প্ৰৱঞ্চকক আটক; জব্দ বিলাসী বাহন

বিতৰ্কৰ মাজত ২ নং কদমনিৰ উপহাৰ কুপনৰ খেলখন ৷ ক’ত, কেতিয়া অনুষ্ঠিত হৈ গ’ল এই খেলখন কোনেও ধৰিব নোৱাৰিলে ৷ তাৰ মাজতে সোমবাৰে নিশা তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীয়ে চলোৱা অভিযানত চাৰি যুৱকসহ বিলাসী বাহন জব্দ কৰে ৷

Controversial gift coupon game in Tinsaukia
বিতৰ্কৰ মাজত ২ নং কদমনিৰ উপহাৰ কুপনৰ খেলখন

বিতৰ্কৰ মাজত ২ নং কদমনিৰ উপহাৰ কুপনৰ খেলখন

তিনিচুকীয়া, ২০ জুন : তিনিচুকীয়াৰ ২ নং কদমনি নামঘৰৰ সাহাযাৰ্থে আয়োজন কৰা উপহাৰ কুপনৰ খেলখনক বাধা দিছিল আৰক্ষী তথা প্ৰশাসনে ৷ আৰক্ষীৰ বাধাৰ পাচতো কোনো অজ্ঞাত স্থানত দেওবাৰে এখন ফলাফলৰ তালিকা প্ৰস্তুত কৰি আয়োজক সমিতিয়ে সামাজিক মাধ্যমত ৰাজহুৱা কৰে বুলি জানিব পৰা গৈছে ৷ তাৰ পাচতে তিনিচুকীয়াৰ লগতে কাষৰীয়া জিলাসমূহত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

ইফালে ২ নং কদমনি নামঘৰৰ আইমাতৃসকলৰ লগতে স্থানীয় লোকেও এই খেলৰ সবিশেষ কোনো সন্ধান নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰাইজে অভিযোগ কৰে যে খেলখনৰ ফলাফলৰ তালিকাত দিয়া নম্বৰসমূহৰ গৰাকী ওলোৱা নাই কোনো এজন গ্ৰাহক ৷ এয়া বিক্ৰী নোহোৱা টিকটৰ নম্বৰত সম্পূৰ্ণ পৰিকল্পিতভাৱে প্ৰস্তুত কৰা তালিকা বুলি সৰ্বত্ৰে এতিয়া চৰ্চিত হৈ পৰিছে ৷

তাৰ পাচতে দেওবাৰৰ পৰা তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপৰ নিৰ্দেশত আয়োজক সমিতিৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে চলায় অভিযান ৷ উপহাৰ কুপন খেলখনৰ মাষ্টাৰমাইণ্ড শিৱসাগৰৰ ভাস্কৰ নাথৰ লগতে লাইপুলি, কদমনিৰ আয়োজক সমিতিৰ মূল ব্যক্তি হৃদয় কুৰ্মী, নীলপৱন চেতিয়াকে আদি কৰি বাকীসকলৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে তীব্ৰ অভিযানৰ সমান্তৰালভাৱে অনুসন্ধান চলাই আছে যদিও পলাতক সকলো ৷

তাৰ মাজতে সোমবাৰে নিশা শিৱসাগৰৰ ভিন্ন স্থানত চলিল তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলৰ অভিযান ৷ উপহাৰ কুপনৰ নামত জাল পেলোৱা প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযানৰ সময়ত আটক কৰে উপহাৰ কুপন খেলখনৰ সৈতে জড়িত চাৰিজনকৈ যুৱকক ৷

শিৱসাগৰ, ডিমৌ, মৰাণ আৰু টিয়কতো চলোৱা উক্ত অভিযানৰ সময়ত চাৰি যুৱকক আটক কৰাৰ পাচতে জব্দ কৰিবলৈ সক্ষম হয় উপহাৰ কুপন খেলত ব্যবহৃত দুখনকৈ বিলাসী বাহন ৷ সোমবাৰে ওৰে নিশা অভিযানকাৰী আৰক্ষী দলটোৱে অভিযান চলোৱাৰ পাচত সোমবাৰে পুৱতি নিশা আটকাধীন চাৰি যুৱকসহ দুই বিলাসী বাহন লৈ উপস্থিত হয় তিনিচুকীয়া সদৰ আৰক্ষী থানাত ৷

ৰাজ্যৰ বিভিন্ন স্থানত লটাৰীৰ নামত এখন বৃহৎ জাল পেলাই প্ৰৱঞ্চক চক্ৰটোৱে লুণ্ঠন চলাই গৈছিল কোটি কোটি টকা ৷ এই সন্দৰ্ভত পৰৱৰ্তী সময়ত আৰক্ষীয়ে সদৰ আৰক্ষী থানাত আটকাধীন চাৰিওকে মাৰাথন জেৰা অব্যাহত ৰখাৰ লগতে পলাতক আনসকলৰ বিৰুদ্ধেও অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ অভিযান ৷

লগতে পঢ়ক :Bishnu Prasad Rabha : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ তম মৃত্যু দিৱসত পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ সৈতে বাৰ্তালাপ

ABOUT THE AUTHOR

...view details