অসম

assam

ETV Bharat / state

২২ বছৰীয়া সফল যাত্ৰাৰে কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন - School Foindation day

তিনিচুকীয়া জিলাৰ এখন অন্যতম সফল বিদ্যালয় কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন ৷ এসময়ৰ সন্ত্ৰাস জৰ্জৰ বৃহত্তৰ অঞ্চলটোত শৈক্ষিক বিপ্লৱৰ জড়িয়তে এক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে এই বিদ্যালয় খনে ৷

২২ বছৰীয়া সফল যাত্ৰাৰে কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন
২২ বছৰীয়া সফল যাত্ৰাৰে কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন

By

Published : Jan 23, 2021, 8:48 PM IST

শদিয়া,23 জানুৱাৰী: ১৯৯৯ চনত স্থাপন হোৱা তিনিচুকীয়া জিলাৰ এখন অন্যতম সফল বিদ্যালয় কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন ৷ এসময়ৰ সন্ত্ৰাস জৰ্জৰ বৃহত্তৰ অঞ্চলটোত শৈক্ষিক বিপ্লৱৰ জড়িয়তে এক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে এই বিদ্যালয়খনে ৷ এই বিদ্যালয়খনে সফলতাৰে ২২ বৰ্ষত ভৰি দিয়াত উলহ মালহেৰে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে দ্বাবিংশতিতম প্ৰতিষ্ঠা দিৱস ৷

২২ বছৰীয়া সফল যাত্ৰাৰে কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন

২২ আৰু ২৩ জানুৱাৰী ২০২১ তাৰিখে অনুষ্ঠিত হোৱা প্ৰথম দিনৰ সফল কাৰ্যসূচীৰ পিছত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৮:৩০ বজাত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰে ৷ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ লগতে আচাৰ্য, আচাৰ্যা, আমন্ত্ৰিত অতিথি, অভিভাৱকে ধৰি প্ৰায় পোন্ধৰ শতাধিক লোকে ৷

২২ বছৰীয়া সফল যাত্ৰাৰে কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ত পৰাৰ লগে লগে বিদ্যালয়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয় ৷ দ্বিতীয় আৰু অন্তিম দিনৰ বিশেষ আকৰ্ষণ হিচাবে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ ইয়াৰ পূৰ্বে প্ৰথম দিনৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন, মাল্যাৰ্পণ, আঞ্চলিক ভিত্তিত কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সন্ধিয়া বিদ্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰা হয় ৷ কৰোনা আতংকৰ পিছত দীৰ্ঘদিনৰ লকডাউনৰ অন্তত বিদ্যালয় খনত উদাযাপন কৰা দ্বাবিংশতিতম প্ৰতিষ্ঠা দিৱসে অঞ্চলটোত এক উৎসৱ মূখৰ পৰিবেশ কঢ়িয়াই অনা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:শনিবাৰে দেশজুৰি পালন নেতাজীৰ 125 তম জন্ম জয়ন্তী

ABOUT THE AUTHOR

...view details