অসম

assam

ETV Bharat / state

কুমচাং চাহ বাগিচাত 10 গৰাকী কৰ’ণাত আক্ৰান্ত - kumsang tea estate covid

কাকপথাৰ কুমচাং চাহ বাগিচাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১০ জনলৈ বৃদ্ধি ৷ বাগিছাখনত ক’ভিড টেষ্ট, প্ৰতিষেধক নিয়মীয়াকৰণ কৰাৰ দাবী সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই

কুমচাং চাহ বাগিচাত 10 গৰাকী কৰ’ণাত আক্ৰান্ত
কুমচাং চাহ বাগিচাত 10 গৰাকী কৰ’ণাত আক্ৰান্ত

By

Published : May 22, 2021, 7:25 PM IST

শদিয়া, 22 মে' : ৰাজ্যত ক’ভিড-19 ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে কাকপথাৰ চহৰৰ গাতে লাগি থকা কুমচাং চাহ বাগিচাত কঠোৰ নীতি নিয়ম পালন কৰিছে বাগিচাৰ কতৃপক্ষই ৷ চাহ বাগিচাখনত প্ৰৱেশ পথ সমুহ বন্ধ কৰি দিয়াৰ সমান্তৰালভাৱে অব্যাহত আছে সজাগতা সভা, লাইনে লাইনে ছেনিটাইজেশ্যনৰ ব্যৱস্থা ৷

কুমচাং চাহ বাগিচাত 10 গৰাকী কৰ’ণাত আক্ৰান্ত

বৰ্তমানলৈকে এই বৃহৎ চাহ বাগিচাখনত ১০ গৰাকীকৈ লোকৰ দেহত ক’ভিডৰ উপস্থিতি পোৱা গৈছে ৷ বাগিচাখনৰ কৰ্তৃপক্ষৰ তৎপৰতাত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বিশেষ বাঢ়ি যোৱা নাই যদিও বাগিচাখনত কভিড পৰীক্ষা, প্ৰতিষেধকৰ ব্যৱস্থা আৰু অন্য কাৰ্যালয়ৰ কৰ্মচাৰীৰ দৰে চাহ শ্ৰমিক সকলকো কাম কৰাৰ ক্ষেত্ৰত কিছু সু-ব্যৱস্থা কৰাৰো দাবী উথাপন কৰিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই ৷

তিনিচুকীয়া জিলাৰ কিছু বাগিচাৰ দৰে ভয়ংকৰ পৰিৱেশ হৈ নুঠোতেই বাগিচাৰ কৰ্তৃপক্ষ, চৰকাৰ তথা প্ৰশাসনে বাগিচাখনৰ স্বাৰ্থত সু-ব্যৱস্থাৰ কৰাৰ দাবী জনায় আটছা নেতৃবৃন্দই ৷ উল্লেখ্য যে, চাহ বাগিচাখনত শ্ৰমিকে মাস্ক পৰিধান কৰিছে যদিও একাংশ শ্ৰমিকে সামাজিক দূৰত্ব নমনা দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক :বিধায়িনী দলৰ কোষাধ্যক্ষৰ দায়িত্ব লাভ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ

ABOUT THE AUTHOR

...view details