ধুবুৰী,13 জানুৱাৰী :সমগ্ৰ ৰাজ্যত এতিয়া ভোগালীৰ আনন্দ। ঠায়ে ঠায়ে ভেলাঘৰ সাজি হেঁপাহৰ ভোগালীক আদৰাৰ বাবে চলিছে প্ৰস্তুতি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ আদৰ্শ গোপালপুৰ গাঁৱত চলিছে ভোগালীক আদৰাৰ ব্যাপক আয়োজন।
গাঁওখনত প্ৰথমবাৰৰ বাবে ওলহ-মালহেৰে অনুষ্ঠিত হ‘ব এইবাৰৰ মাঘ বিহু ৷ ইপিনে প্ৰথমবাৰৰ বাবে বিহু অনুষ্ঠিত কৰিবলৈ পাই আনন্দিত হৈ পৰিছে গাঁওখনৰ ৰাইজ ৷ পথাৰত পিঠাগুৰি খুন্দাৰ লগতে বিহু গীতৰ তালে তালে নৃত্য কৰিছে ৰাইজে। তদুপৰি পথাৰত সাজি তোলা হৈছে কেইবাটাও আটকধুনীয়া ভেলাঘৰ।