তেজপুৰ, ১০ ছেপ্টেম্বৰ :প্ৰত্যেক বছৰেই ১০ ছেপ্টেম্বৰ দিনটোত পালন কৰা হয় 'বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস' (World Suicide Prohibited Day) । 'কামৰ জৰিয়তে আশাৰ সঞ্চাৰ'- এয়াই হৈছে এইবাৰৰ এই দিৱসৰ মূলমন্ত্ৰ । শোণিতপুৰ জিলা স্বাস্থ্য সমিতি, মানসিক স্বাস্থ্য সমিতি আৰু ভাৰতীয় চিকিৎসা সেৱা সংস্থাই এই উপলক্ষে আজি তেজপুৰত এক সজাগতামূলক ৰেলী উলিয়ায় (WSPD observed in Tezpur) ।
এই সজাগতা ৰেলী উদ্বোধন কৰি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে বৰ্তমান সময়ত মোবাইল ইণ্টাৰনেট অধিক ব্যৱহাৰৰ লগে লগেই মানুহৰ ধৈৰ্য নোহোৱা হৈছে (Awareness rally on occasion of WSPD) । যাৰ ফলত আত্মহত্যাৰ দৰে পথ বাছি লয় একাংশ পথভ্ৰষ্ট লোকে । অনগ্ৰসৰতা আৰু অভাৱ-অনাটনো ইয়াৰ এক অন্যতম কাৰণ বুলি তেওঁ কয় ।
বিশেষকৈ চাহ বাগিচা অঞ্চলত এই বিষয়ে অধিক সজাগতামূলক কাৰ্যসূচীৰ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে (Tezpur DC on WSPD in Tezpur) । আনহাতে, বিশিষ্ট চিকিৎসক ডাঃ পি কে শৰ্মাই যুৱ-প্ৰজন্মৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কয়, "কামৰ জৰিয়তে যুৱ-প্ৰজন্মৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে ।"