অসম

assam

আকৌ পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ সাজু কাৰ্গিল যুদ্ধৰ অন্যতম নায়ক ঘনকান্ত কেওট

By

Published : Jul 26, 2019, 4:18 PM IST

প্ৰাক্তন ভাৰতীয় সেনা জোৱান তথা কাৰ্গিল যুদ্ধৰ অন্যতম নায়ক ঘনকান্ত কেওট এতিয়াও সাজু পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত নামিবলৈ ৷ পাকিস্তানক এশিকনি দিবলৈ এতিয়াও ক্ষমতা আৰু সাহস আছে বুলি দাবী কৰে তেওঁ ৷

ঘনাকান্ত কেওট

তেজপুৰ, 26 জুলাই : ১৯৯৯ চনৰ ২২ মে'ৰ নিশা কাৰ্গিলত পাকিস্তানী সেনাৰ আক্ৰমণত আন সতীর্থৰ সৈতে আঘাতপ্ৰাপ্ত হৈছিল ভাৰতীয় সেনা জোৱান ঘনকান্ত কেওট । সেইদিনা ভাৰতীয় সেনাই বন্দুকেৰে প্ৰত্যুত্তৰ দি পাকিস্তানী সেনাক খেদি পঠিয়াইছিল যদিও আঘাতপ্ৰাপ্ত হৈছিল তেজপুৰ ডেকাৰ গাঁৱৰ সেনা জোৱান ঘনকান্ত কেওট ৷ আহত হৈ প্ৰায় তিনিমাহ কাল চিকিৎসাধীন হৈ আছিল কেওট ৷ তেওঁক দেখা কৰিবলৈ অহা সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজৰ প্ৰশ্নৰ উত্তৰত কেওটে কৈছিল যে, তেওঁক সুস্থ হ'বলৈ দুমাহ সময় লাগিব আৰু সুস্থ হৈ উঠাৰ লগে লগে তেওঁ পুনৰ যুদ্ধলৈ সাজু হ'ব ৷

"মই এতিয়াও যুঁজিবলৈ সাজু" - সেনা জোৱান কেওট

এতিয়াও মনত ক্ষোভ সাঁচি ৰখা প্ৰাক্তন জোৱান গৰাকীয়ে নিৰ্দেশ পালেই পাকিস্তানৰ ওপৰত জঁপিয়াই পৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ পাকিস্তানক এশিকনি দিবলৈ এতিয়াও ক্ষমতা আৰু সাহস আছে বুলি দাবী কৰে কাৰ্গিল যুদ্ধৰ অন্যতম নায়কজনে ৷ উল্লেখ্য যে, শুকুৰবাৰে কাৰ্গিল যুদ্ধৰ বিজয় দিৱসত নিহত জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ঘনকান্ত কেওটে ।

ABOUT THE AUTHOR

...view details