অসম

assam

ETV Bharat / state

ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱঃ একে নিশাই তিনিটাকৈ বাসগৃহ লণ্ড-ভণ্ড - বনৰীয়া হাতী

ৰঙাপৰাত একে নিশাই তিনিটাকৈ বাসগৃহ ভাঙিলে বনৰীয়া হাতীয়ে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়াল কেইটাৰ। ৰাইজে ঘটনা সন্দৰ্ভত আমাৰীবাৰী বন বিভাগক খবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱঃ একে নিশাই তিনিটাকৈ বাসগৃহ লণ্ড-ভণ্ড

By

Published : May 31, 2019, 11:57 AM IST

তেজপুৰ, ৩১ মেঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱত বিস্তৰ ক্ষতি সাধন হয়। একে নিশাই তিনিটাকৈ বাসগৃহ ভাঙি বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস ।

ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱঃ একে নিশাই তিনিটাকৈ বাসগৃহ লণ্ড-ভণ্ড
ৰঙাপৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ। বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে তহিলং কৰিছে ভঁড়ালৰ ধানকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী। তাৰোপৰি একে নিশাই তিনিটাকৈ বাসগৃহ ভাঙে বনৰীয়া হাতীৰ জাকটোৱে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়াল কেইটাৰ। বহুসময় ধৰি বনৰীয়া হাতীৰ জাকটো কোনোমতে ৰাইজে খেদি পঠিয়াবলৈ সক্ষম হয়। বৰ্তমানো ৰঙাপৰা অঞ্চলত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে আশ্ৰয় লৈ থকাৰ বাবে শংকিত হৈ পৰিছে সমগ্ৰ ৰঙাপৰাৰ ৰাইজ । তাৎপৰ্যপূৰ্ণ বিষয় যে, ৰাইজে ঘটনা সন্দৰ্ভত আমাৰীবাৰী বন বিভাগক খবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

ABOUT THE AUTHOR

...view details