বন মহোৎসৱঃ 12 ঘন্টাজুৰি মৃত্যু যন্ত্ৰণাত এটা বন্যহস্তী - বন্যহস্তী
আনহাতে এই ঘটনাৰ খবৰ পাই লাচিতৰ কাষ চাপিল প্ৰকৃতি প্ৰেমী দিলিপ নাথ । ক্ৰমান্বয়ে অসুস্থ হৈ পৰা দতাঁল লাচিতৰ বাবে চিন্তিত হৈ পৰিছে ৰঙাপৰাৰ টেঙাবস্তিৰ ৰাইজ ৷
ৰঙাপৰা,6 জুলাইঃ বন বিভাগে ৭০ সংখ্যক বন মহোৎসৱ পালন কৰি থকাৰ সময়তে ৰঙাপৰাত দুষ্কৃতিকাৰীৰ আঘাতত জীৱন মৃত্যুৰ সৈতে যুঁজ দিছে এটা বন্যহস্তীয়ে ৷ ৰঙাপৰাৰ টেঙাবিলত এটা বন্যহস্তীৰ দাঁত কটাৰ পৰিকল্পনাৰে দুস্কৃতিকাৰীয়ে হাতীটোলৈ নিক্ষেপ কৰিছিল এডাল ৰদ কিন্তু হাতীটোৰ পাছফালৰ বাওঁভৰিত সোমাই পৰিল দুস্কৃতিকাৰীৰ ৰদডাল ৷ ফলত ক্ৰমান্বয়ে ক'লা হৈ পৰিছে হাতীটোৰ ভৰিখন ৷ ভৰিখনৰ তাৰণাত চকুলো টুকিছে নিষ্পাপ প্ৰাণী বিধে আৰু হাতীটোৰ এই দুৰৱস্থাত কান্দি উঠিছে অঞ্চলবাসী ৷ তৎসত্বেও খবৰ নাই বন বিভাগৰ ৷ ১২ ঘন্টা উকলি যোৱাৰ পাছতো হাতীটোৰ কাষত উপস্থিত নহ'ল বন মহোৎসৱ পালনত ব্যস্ত বন বিভাগ ৷