অসম

assam

ETV Bharat / state

১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ বীৰ সৈনিকৰ স্মাৰক উন্মোচন - অৰুণাচল

শুক্ৰবাৰে অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ ৱালং চেক্টৰৰ 6 নং কুমাও ৰেজিমেণ্টৰ শ্বহীদ স্মাৰক উন্মোচন কৰা হয় ৷ 1962 চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ত শ্বহীদ হোৱা বীৰ সৈনিক সকলৰ স্মৃতিত ভাৰতীয় সেনাৰ তৃতীয় কৰ্পছৰ লেঃ জেনেৰেল ৰানা প্ৰতাপ কলিতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই যুদ্ধৰ সাক্ষী কেপ্তেইন কোঁৱৰ সিং ঠাকুলিৰ লগতে কুমাও ৰেজিমেণ্টৰ তিনি গৰাকী সৈনিকক বিশেষ ভাবে সম্ভাষণ জনোৱা হয় ।

war memorial
war memorial

By

Published : Dec 5, 2020, 5:02 PM IST

তেজপুৰ, ৪ ডিচেম্বৰ : ভাৰতীয় সেনাৰ তৃতীয় কৰ্পছৰ লেঃ জেনেৰেল ৰানা প্ৰতাপ কলিতাই শুক্ৰবাৰে অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ ৱালং চেক্টৰৰ 6 নং কুমাও ৰেজিমেণ্টৰ শ্বহীদ স্মাৰক উন্মোচন কৰে । 1962 চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ত শ্বহীদ হোৱা বীৰ সৈনিক সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লেঃ জেনেৰেল কলিতাই শ্বহীদক সন্মান জনায় কয় যে, ভাৰতীয় সেনাৰ বহুত সেনা জোৱানৰ বলিদান আৰু কৰ্তব্য কেতিয়াও পাহৰিব নোৱাৰে । এই যুদ্ধৰ সাক্ষী কেপ্তেইন কোঁৱৰ সিং ঠাকুলিৰ লগতে কুমাও ৰেজিমেণ্টৰ তিনি গৰাকী সৈনিকক বিশেষভাবে সম্ভাষণ জনোৱা হয় ।

6 নং কুমাও ৰেজিমেণ্টৰ শ্বহীদ স্মাৰক স্থাপন

1962 চনৰ 8 চেপ্তেম্বৰত চীনা সৈন্যই নামকা-চু অঞ্চলত ভাৰত-তিব্বতৰ সীমান্ত পথেদি ভাৰতীয় সৈন্যৰ অসম ৰাইফলছৰ কোম্পানীৰ ওপৰত আক্ৰমণ কৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে ৷ পৰৱৰ্তী সময়ত চীনা সৈন্যই ক্ৰমান্বয়ে প্ৰৱেশ কৰে পূব অৰুণাচল প্ৰদেশৰ ৱালং চেক্টৰত । এক মাত্ৰ পূব অৰুণাচল প্ৰদেশৰ -ৱালংৰ বাহিৰে ভাৰতীয় সেনাৰ সকলো অঞ্চলতে প্ৰতিৰোধ ক্ষমতা আছিল ।

ৱালং যুদ্ধ আজিৰ পৰা 58 বছৰ আগৰ কাহিনী ৷ কম সংখ্যক সেনা আৰু সামান্য পৰিমাণৰ অস্ত্ৰ-শস্ত্রৰে ১৯৬২ চনত ৱালংৰ শিবিৰত শত্ৰু পক্ষক পৰাভূত কৰিবলৈ 6 কুমাও ৰেজিমেণ্টৰ সেনাই যুদ্ধ আৰম্ভ কৰিছিল । যুদ্ধত শত্ৰু পক্ষই ২০ দিনলৈকে তিব্বত সীমান্তৰ পৰা পিছুৱাই আহি ৱালংত থমকি ৰৈছিল । পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং আৰু চেলাৰ পৰা চীনা সৈন্যই সৰ্ব শক্তিৰে যুদ্ধ কৰিবলৈ প্ৰস্তুত হৈ থকাৰ বিপৰীতে পূব দিশত ৱালংত মাত্ৰ এটা ৰেজিমেণ্ট ৰাখিছিল বুলি সদৰী কৰিছিল প্ৰাক্তন এগৰাকী ব্ৰিগেদিয়েৰ কুলদ্বীপ সিঙে । চীনে পৰিকল্পনা কৰিছিল বৃহৎ সেনা টাৱাং আৰু চেলাত ৰাখি কম সংখ্যকৰে ৱালংত আক্ৰমণ কৰাৰ ।

লেঃ জেনেৰেল ৰানা প্ৰতাপ কলিতা

১৯৬২ চনৰ অক্টোবৰ মাহৰ ২১ তাৰিখে চীনা সৈন্যই তেতিয়াৰ কামেং ডিভিজনৰ ঢলা চেক্টৰৰ কিবেটু আক্রমণ কৰিছিল । ৱালংৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত্বত অৱস্থিত কিবেটু মেক্ মোহন লাইনৰ সমীপৱৰ্তী । ইয়াৰ দ্বিতীয় দিনা ৱালং অঞ্চলত ভয়াবহ আক্ৰমণ কৰিছিল চীনা সৈন্যই ৷ মেচিন গান, মৰ্টৰ জৰিয়তে গুলিবর্ষণ দক্ষিণ দিশৰ চামা নামৰ ঠাইৰ পৰা, দুটা চীনা সৈন্যৰ বেটেলিয়ান আৰু প্ৰায় 300 সৈন্যৰ মাজে নিশা ভয়াবহ আক্ৰমণ কৰে ।

১৯৬২ চনৰ যুদ্ধৰ বীৰ সৈনিকৰ স্মাৰক উন্মোচন

এই ঠাইত চীনৰ 70 জন সেনা নিহত আৰু ভাৰতৰ 4 জন সেনা নিহত হৈছিল কিন্তু পৰৱৰ্তী সময়ত 6 নং কুমাও ৰেজিমেণ্টক উক্ত ঠাইৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশ জাৰি কৰিছিল । কিন্তু এই সময়তে লেঃ বিক্ৰম সিং ৰাথোৰক স্থানান্তৰ কৰি কিবেটু আৰু ৱালংৰ মাজৰ আসি হিল্চ দখল কৰিবলৈ নিৰ্দেশ দিয়ে আৰু সময়ত বহু কষ্টৰ মূৰত সক্ষম হয় । এই যুদ্ধত ভাৰতীয় সেনাৰ প্ৰায় 640 জন জোৱান নিহত হৈছিল ৷ ইয়াৰে 6 নং কুমাও ৰেজিমেণ্টৰ প্ৰায় 404 জন জোৱান নিহত হৈছিল ইয়াৰ বিপৰীতে চীনা সৈন্যৰ বহুতো জোৱান নিহত হৈছিল এই যুদ্ধত ।
লগতে পঢ়ক :মাতৃভূমিত উপস্থিত হ'ল CISFৰ জোৱান জয়ন্ত দলৈৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details