তেজপুৰ, ২০ জুলাই: এগৰাকীৰ পাছত আনগৰাকী খেলুৱৈৰ সাফল্যই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকাই তুলিছে অসমৰ খেলুৱৈয়ে । শেহতীয়াকৈ তেজপুৰৰ দুই সন্তান বিশ্ব ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় ভলীবল দলৰ বাচনি শিবিৰলৈ নিৰ্বাচিত হৈছে । তেজপুৰৰ এই প্ৰতিভাৱান খেলুৱৈ দুগৰাকীৰ নাম ক্ৰমে মৃত্যুঞ্জয় মহন্ত আৰু লক্ষ্যজিৎ কাকতি ।
মঙলবাৰে ভূৱনেশ্বৰলৈ ৰাওনা হৈছে খেলুৱৈ দুগৰাকী । উল্লেখ্য যে, ২২ আৰু ২৩ জুলাইত ভূৱনেশ্বৰস্থিত কীট বিশ্ববিদ্যালয়ত ভাৰতীয় দলৰ বাবে খেলুৱৈ বাচনি কৰিব ভলীবল ফেডাৰেচন অৱ ইণ্ডিয়াই । বিশ্ব ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ আশাৰে মঙলবাৰে বিমানেৰে ভূৱনেশ্বৰ অভিমুখে ৰাওনা হয় এই প্ৰতিভাৱান ভলীবল খেলুৱৈ দুগৰাকী । ২৪ আগষ্টৰ পৰা ইৰাণৰ তেহৰাণত অনুষ্ঠিত হ'ব বিশ্ব ভলীবল প্ৰতিযোগিতা ।