অসম

assam

ETV Bharat / state

পৰ্যটন মানচিত্ৰত নৱ সংযোজন শোণিতপুৰৰ পানপুৰঘাটৰ - পানপুৰ বনাঞ্চল

শনিবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চল ৷ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰৰ উপস্থিতিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে এই বনাঞ্চল ।

tourism map included sonitpur panpur area
পৰ্যটন মানচিত্ৰত নৱ সংযোজন শোণিতপুৰৰ পানপুৰঘাটৰ

By

Published : Nov 22, 2020, 1:04 PM IST

চতিয়া,22 নৱেম্বৰ : পৰ্যটনৰ মানচিত্ৰত নতুনকৈ সংযোজন হ’ল জামুগুৰিহাটৰ পানপুৰঘাট । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলক শনিবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে ।

ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰৰ উপস্থিতিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে পানপুৰ বনাঞ্চল । পৰ্যটনৰ বাবে মুকলি কৰি দিয়াৰ পাচতে শোণিতপুৰ জিলাৰ উপাযুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, বিশ্বনাথৰ উপাযুক্ত প্ৰণৱ কুমাৰ শৰ্মা, বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডল প্ৰাধিকাৰী মুকুট দাসকে ধৰি সকলোৱে জীপ চাফাৰীৰে পানপুৰ বনাঞ্চলৰ ভিতৰভাগ পৰিভ্ৰমণ কৰে ।

পৰ্যটন মানচিত্ৰত নৱ সংযোজন শোণিতপুৰৰ পানপুৰঘাটৰ

বৰ্তমান জীপ আৰু হাতী চাফাৰীৰ জৰিয়তে পৰ্যটকে পানপুৰ বনাঞ্চলৰ ভিতৰত থকা পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়, হাতী, নল গাহৰি, বাঘকে ধৰি বিভিন্ন প্ৰকাৰৰ হৰিণাৰ লগতে শীতৰ আগমনৰ লগে লগে দেশ বিদেশৰ পৰা উৰি আহি বিল জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই স্ব-চক্ষুৰে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব ।

উল্লেখ্য যে, পৰ্যটকৰ বাবে পানপুৰ বনাঞ্চল মুকলি কৰাৰ পূৰ্বে অনুষ্ঠিত এখন সভাত বিধায়ক হাজৰিকাই পানপুৰক পৰ্যটনথলীলৈ ৰূপান্তৰ কৰাৰ সপোন পূৰণ হ’ল বুলি উল্লেখ কৰাৰ লগতে পৰ্যটনস্থলীত জীপ চাফাৰী, হাতী চাফাৰীৰ ব্যৱস্থা কৰাৰ বাবে পানপুৰঘাট যথেষ্ট সম্ভাৱনাপূৰ্ণ হৈ পৰা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :কৰিমগঞ্জত ‘সাহিত্য মনিষী উপবন’ নামেৰে উদ্ভিদ উদ্যান মুকলি

ABOUT THE AUTHOR

...view details