অসম

assam

ETV Bharat / state

শোণিতপুৰত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 1565 গৰাকীলৈ বৃদ্ধি - তেজপুৰ

ৰাজ্যৰ অন্য জিলাৰ লগতে শোণিতপুৰত জিলাতো ব্যাপক হাৰত বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ শেহতীয়াকৈ জিলাখনত আক্ৰান্ত লোকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ৰেপিড এন্টিজেন টেষ্টৰ ব্যবস্থা কৰিছে প্ৰশাসনে ৷ স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিচতে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ তৎপৰতাত স্বাস্থ্য বিভাগে এই পৰীক্ষা আৰম্ভ কৰিছে ৷

TOTAL NUMBER OF CORONA CASES 1565 IN SONITPUR DISTRICT
শোণিতপুৰত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 1565 গৰাকীলৈ বৃদ্ধি

By

Published : Aug 3, 2020, 9:29 PM IST

তেজপুৰ, 3 আগষ্ট : ৰাজ্যৰ অন্য জিলাৰ লগতে শোণিতপুৰত জিলাতো ব্যাপক হাৰত বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ বৰ্তমানলৈ জিলাখনত 1565 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 পজিটিভ ৷

শেহতীয়াকৈ জিলাখনত আক্ৰান্ত লোকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ৰেপিড এন্টিজেন টেষ্টৰ ব্যবস্থা কৰিছে ৷ স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিচতে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ তৎপৰতাত স্বাস্থ্য বিভাগে এই পৰীক্ষা আৰম্ভ কৰিছে ৷

সোমবাৰৰ দিনটোত জিলাখনৰ সদৰ তেজপুৰত ৰেপিড এন্টিজেন টেষ্টত 78 গৰাকী লোকৰ ক'ভিড পজিটিভ পোৱা গৈছে ৷ আনহাতে, প্ৰতিদিনে 2000 লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হ'ব বুলিও উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷ লগতে, জিলাখনত নিতৌ বৃদ্ধি পোৱা আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত আসনৰ সংখ্যা হ্ৰাস পোৱাত অন্য ক'ভিড চেন্টাৰলৈ ৰোগীক প্ৰেৰণ কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে ৷

শোণিতপুৰত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 1565 গৰাকীলৈ বৃদ্ধি

উল্লেখ্য যে, 2 আগষ্টত স্বাস্থ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি, অসমত সৰ্বমুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 42904 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 32384 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 10412 গৰাকী আৰু মৃত্য়ু হোৱা ৰোগীৰ সংখ্য়া 105 গৰাকী ৷

লগতে পঢ়ক : নতুন শিক্ষানীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থা সলনিৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details