তেজপুৰ,১১ নৱেম্বৰঃ ভোমোৰাগুৰি,বান্দৰডুবি আৰু চিৰাঙক ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ পৰ্যটকৰ বাবে সামৰি এটা নতুন পৰিকল্পনাৰে তিনিটাকৈ খণ্ডৰ সংযোজন ঘটোৱা হৈছে । এই নতুন সংযোজনৰ অংশ হিচাপে ভোমোৰাগুৰিত অসমৰ বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই আজি আনুষ্ঠানিক ভাৱে মুকলি কৰিব তেজপুৰৰ ভোমোৰাগুৰি দলঙৰ তলত ব্ৰহ্মপুত্ৰৰ বুকুত ৰিভাৰ ট্যুৰিজিম ।
আজি ভোমোৰাগুৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্য্যটকৰ বাবে মুকলি কৰা হ’ব ৰিভাৰ টুৰিজিম পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনৰ বাবে অহা পৰ্যটকে এক মাত্ৰ উদ্যানৰ ভিতৰভাগ আৰু সংলগ্ন এলেকা সমূহ পৰিদৰ্শন কৰিব পাৰিছিল ৷ এতিয়াৰ পৰা পৰ্যটকে উদ্যানৰ ভিতৰত আৰু সংলগ্ন এলেকাৰ বাহিৰেও অতিৰিক্ত তিনিটা খণ্ডত ভ্ৰমণ কৰিব পাৰিব । এই ভ্ৰমণৰ সময়ত থাকিব,ভোমোৰাগুৰিৰ পৰা জীয়া ভৰলী লৈকে ৰাফটিং,বান্দৰ ডুবিত জীপ চাফাৰী আৰু চিৰাঙত ট্ৰেকিঙৰ ব্যৱস্থা ।
ইয়াৰ পূৰ্বে ৰাফটিঙৰ বাবে পৰ্যটকে জীয়া ভৰলী আৰু কামেং নদীৰ মাজতে সীমাবদ্ধ আছিল ৷ কিন্তু এই নতুন সংযোজনে ভোমোৰাগুৰিৰ জীয়া ভৰলী আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থলীৰ পৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানলৈকে সামৰি ল’ব ৷ ফলত এই নতুন সংযোজনে পৰ্যটকৰ বাবে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি ।
উল্লেখযোগ্য যে, যোৱা ছেপ্টেম্বৰ মাহৰ ৩ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে পুনৰ মুকলিৰ শিতানত এটা নতুন পৰিকল্পনাৰে তিনিটা খণ্ডৰ সংযোজনৰ কথা উল্লেখ কৰা হৈছিল । ৩ ছেপ্টেম্বৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্র প্ৰকল্পক সামৰি অসম চৰকাৰে তিনিটা নতুন সংযোজনৰ এই খবৰ প্ৰচাৰ কৰা পৰিলক্ষিত হৈছিল ।
৭ম, ৮ম আৰু ৯ম সংযোজনত নগাঁও আৰু শোণিতপুৰ জিলাৰ কেবাটাও অংশক সামৰি লোৱা হৈছে । এই তিনিটা খণ্ডৰ সংযোজনৰ মুঠ এলেকা হৈছে এনেধৰণৰ: ৭ম সংযোজনত ১৭৬ হেক্টৰ দেউচৰা পালখোৱা, সংশ্লিষ্ট ৰিজাৰ্ভ ফৰেষ্ট, নগাঁও ,৮ম সংযোজনত ৩০৭ হেক্টৰ বান্দৰডুবি, নগাঁও আৰু ৯ম সংযোজনত মৌ খোৱা চাপৰি, শোণিতপুৰৰ মুঠ ২৫৭০ হেক্টৰ ভূমি ৷ এই তথ্য সদৰি কৰিছে বন বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই ৷
উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৩০ বৰ্গ কিলোমিটাৰ সামৰি ৬ষ্ঠ সংযোজনত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশটো সংযোজিত হৈ আছে । কিন্তু নতুনকৈ সংযোজিত এই তিনিটা সংযোজন বেদখলকাৰীৰ গৰাহত আছিল আৰু বৰ্তমান সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰি ইয়াক ৰাজ্য চৰকাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰে ।
লগতে পঢ়কঃপঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে