তেজপুৰ,24নৱেম্বৰঃ মঙলবাৰে তেজপুৰত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷ তেজপুৰৰ বৰগুৰি ৰঙাপানীত পুৱাই বাঘৰ আক্ৰমণত আহত হয় এটি কণমানি শিশু ৷ জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ঢেকীয়াপতিয়া বাঘটোৱে অঞ্চলটোত পশুধনৰ ওপৰত সন্ত্ৰাস চলাই থকাৰ সময়তে আহত হ'বলগা হয় কণমানি শিশুটি ৷ ইয়াৰ উপৰি ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণৰ পৰা কথামপি প্ৰাণ ৰক্ষা পৰে আন পাঁচ জনকৈ লোকৰ ৷
তেজপুৰত ঢেকীয়াপতিয়া বাঘৰ আতংকঃ আহত শিশু - পশুধন
তেজপুৰৰ বৰগুৰি ৰঙাপানীত পুৱাই বাঘৰ আক্ৰমণত আহত হয় এটি কণমানি শিশু ৷ ইয়াৰ উপৰি ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণৰ পৰা কথামপি প্ৰাণ ৰক্ষা পৰে আন পাঁচ জনকৈ লোকৰ ৷ ঢেকিয়াপতীয়া বাঘৰ সন্ত্ৰাস তথা মুক্ত বিচৰণৰ কেমেৰাত বন্দী দৃশ্য দেখি এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ৷
ইপিনে, ঢেকিয়াপতীয়া বাঘৰ সন্ত্ৰাস তথা মুক্ত বিচৰণৰ কেমেৰাত বন্দী দৃশ্য দেখি এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ পৰা বন বিভাগৰ লোকে বাঘটো আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে,পূৰ্বে 2010 চনত উক্ত স্থানতে এটা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘ বন বিভাগে পিঞ্জৰাৱদ্ধ কৰিছিল । ইতিমধ্যে, সমগ্ৰ অঞ্চলটোত জিলা প্ৰশাসনে তৎকালীনভাৱে বলৱৎ হোৱাকৈ সান্ধ্য আইন জাৰি কৰিছে ৷
লগতে পঢ়কঃৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ