তেজপুৰ,২৫ জুন : উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক ভাল খবৰ ৷ অসমতো প্ৰতিৰক্ষা বিষয়ৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে ৷ শীঘ্ৰে তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব ‘প্ৰতিৰক্ষা অধ্যয়ন’ বিষয়ৰ পাঠ্যক্ৰম ৷ ভাৰতৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে ‘প্ৰতিৰক্ষা অধ্যয়ন’ বিভাগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিল আৰু ব’ৰ্ড অৱ মেনেজমেণ্টে ইতিমধ্যে এই সিদ্ধান্তত অনুমোদন জনাইছে ।
এই সন্দৰ্ভত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই পদক্ষেপৰ বিষয়ে অৱগত কৰে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা বৈঠকৰ সময়ত অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷
কাৰণ তেজপুৰ ভূ-ৰাজনৈতিকভাৱে চীনৰ ওচৰতে অৱস্থিত আৰু ইয়াত ভাৰতীয় সেনাৰ IV Corps লগতে প্ৰতিৰক্ষা গৱেষণাগাৰো (Defence Research Laboratory) আছে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ এই পদক্ষেপক শলাগ লয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে অধ্যাপক শম্ভু নাথ সিঙক ।