তেজপুৰ, ২৯ নৱেম্বৰ: শিলে কথা কোৱা প্ৰকৃতিৰ ৰম্যভূমি তেজপুৰত হ’ব কথা আৰু কবিতাৰ বৰষুণ ৷ দেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ জনপ্ৰিয় লেখক-সাহিত্যিকৰ সমাৱেশেৰে অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা "তেজপুৰ সাহিত্য উৎসৱ - ২০২২" (Tezpur Sahitya Utsav 2022)( তেজপুৰ লিটফেষ্ট'২২) ৰ প্ৰস্ততি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ মঙলবাৰে সন্ধিয়া ৬ বজাত ফেচবুকৰ মেটা ভাৰচন যোগেদি "তেজপুৰ সাহিত্য উৎসৱ - ২০২২" ৱেবছাইট মুকলি কৰা হ’ব ৷ উল্লেখ্য যে অসমত প্ৰথম বাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান "তেজপুৰ একাডেমী অৱ লিটাৰেচাৰ এণ্ড এডুকেশ্বন" (টেল) ৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰীয়া ৰাইজৰ সহযোগত তেজপুৰৰ নেৰিয়ালম চৌহদত অনুষ্ঠিত হ'ব এই সাহিত্য উৎসৱ (Tezpur Sahitya Utsav 2022 in Tezpur) ৷ সাহিত্য উৎৱৰ প্ৰতিটো দিনতে আয়োজিত হ’ব লগা বিভিন্ন কার্যসূচীত অংশ গ্ৰহণ কৰিব প্ৰসিদ্ধ লেখক ধ্ৰুৱজ্যোতি বৰা, মামাং দাই, মিত্ৰা ফুকন, ধ্ৰুব হাজৰিকা, অনুৰাধা শৰ্মা পূজাৰী, য়েছে দৰজে ঠংছি, অৰিন্দম বৰকটকী, জেনিচ প্যাৰিয়ট , শৰ্মিষ্ঠ প্ৰীতম আদি লেখক-লেখিকা সকলৰ লগতে চেলিব্ৰিটি চিনে তাৰকা ৰজত কাপুৰে ৷ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আয়োজক সমিতিৰ সভাপতি হিচাপে থাকি দেশৰ এই জনপ্ৰিয় লেখক - সাহিত্যিক সকলক আদৰিবলৈ "টেল" ৰ কৰ্মকৰ্তাৰ লগতে আয়োজক সমিতিয়ে ব্যাৱস্থা গ্ৰহণ কৰিছে।
এই সাহিত্য উৎসৱত লেখক-সাহিত্যিক সকলৰ সৈতে পাঠকৰ "মেজমেল", "লেখকৰ সৈতে মুখামুখি - অন্তৰংগ আলাপ", "সৃজনশীল লেখাৰ কৰ্মশালা", "বহুভাষিক গদ্য - কবিতা পাঠ", "থিতাতে কবিতা ৰচনা", "শ্লেম কবিতা বা দৃশ্য শ্ৰাব্য কবিতা", "ঘূৰণীয়া মেজমেল", "সমূহীয়া বক্তৃতা", "কুইজ", "গল্প পাঠ" আদি কাৰ্য্যসূচীৰ লগতে ৰুচিশীল সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰ বাবে সাজু হৈছে আয়োজক সমিতি ৷ উল্লেখ্য যে তেজপুৰ চহৰৰ সমীপৰ দোলাবাৰীৰ নেৰিয়ালম চৌহদত (Neriwalm Campus) ত অনুষ্ঠিত হ’ব লগা এই সাহিত্য উৎসৱ প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ সকলোৰে বাবে মুকলি থাকিব আৰু সকলো অনুষ্ঠানতে সকলোৱে বিনামূলীয়াকৈ অংশ গ্ৰহণ কৰিব পাৰিব ৷
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰাৰ লগতে ভাৰতীয় তেল নিগমৰ মুখ্য সাধাৰণ পৰিচালক মাধুর্য্য বৰুৱা, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সন্মানীয় অতিথি , শোণিতপুৰৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু জিলা আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শর্মা বিশেষ আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব ৷
উদ্বোধনী অনুষ্ঠানৰ অন্তত দুপৰীয়া ১২ বজাত কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰমেশ ডেকাই মূল বক্তব্য প্ৰদান কৰাৰ লগতে বিয়লি ২-৩০ বজাত অনুষ্ঠিত পেনেল আলোচনাত সাহিত্যিক মিত্ৰা ফুকন, অধ্যাপক জের্নাইল সিং আনন্দ , মামাং দাই, ধ্ৰুৱ হাজৰিকা আৰু অংকুশ শইকীয়াই অংশ ল’ব ৷ বিয়লি ৪-৩০ বজাত দেশৰ চেলিব্ৰিটি চিনে তাৰকা ৰজত কাপুৰৰ সতে বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইনৰ কথোপকথন ৷