তেজপুৰ,26 অক্টোবৰ: তেজপুৰ জাহাজ ঘাটত ইতিমধ্যে আৰম্ভ হৈছে দেৱী দুৰ্গাৰ বিসৰ্জনৰ কাৰ্যসূচী ৷ সম্পূৰ্ণৰূপে কোভিড প্ৰট’কল মানি পূজা কমিটীসমূহে ঘাটত বিসৰ্জনৰ বাবে আগবাঢ়ে । তেজপুৰত এইবেলি প্ৰায় 51 খন পূজা অনুষ্ঠিত হৈছিল ৷
প্ৰতিখন পূজা কমিটীয়ে চৰকাৰী নীতি-নিৰ্দেশনা মানি সোমবাৰে বিসৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গৈছে ৷ এই কাৰ্যসূচীৰ বাবে সষ্টম হৈ পৰিছে নদী আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনী ৷