অসম

assam

By

Published : Jun 24, 2019, 2:12 PM IST

ETV Bharat / state

তেজপুৰত 11.5 কেজি গাঞ্জাসহ আটক তিনিজনক

মাজবাটৰ পৰা বালিপৰালৈ ৰেলৰে বিক্ৰীৰ বাবে আনিছিল গাঞ্জাসমূহ ৷ গোপন সূত্ৰৰ পম খেদি, শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষক ৰশ্মি ৰেখা শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আটক কৰিবলৈ সক্ষম হয় গাঞ্জা সৰবৰাহকাৰী কেইটাক ৷

etv bharat

তেজপুৰ, ২৪ জুন: তেজপুৰ ডেকাৰ গাঁও ৰে‘লৱে ষ্টেচনৰ পৰা শোণিতপুৰ আৰক্ষীয়ে জব্দ কৰে 11.5 কেজি ওজনৰ গাঞ্জা ৷ লগতে, আৰক্ষীয়ে আটক কৰে তিনিগৰাকী গাঞ্জা সৰবৰাহকাৰী ৷ শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষক ৰশ্মি ৰেখা শৰ্মাৰ নেতৃত্বত শালনীবাৰী আউট-প’ষ্টৰ আৰক্ষী দলে চলাইছিল এই অভিযান ৷ আটকাধীন সৰবৰাহকাৰী কেইজন শ্বদমেচৰ দৈমাৰী, ৰাতিয়া পানিকা,আৰু বিকি পানিকা ৷ তিনিওজন সৰবৰাহকাৰী ওদালগুৰী জিলাৰ মাজবাট লামাবাৰীৰ বুলি চিনাক্ত কৰে আৰক্ষীয়ে ৷

সম্প্ৰতি,আৰক্ষীয়ে তিনিওজনৰ বিৰুদ্ধে নিচাযুক্ত দ্ৰৱ্য সৰবৰাহ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ গাঞ্জাসমূহ বিক্ৰীৰ বাবে মাজবাটৰ পৰা বালিপৰালৈ আনিছিল দলটোৱে ৷

ABOUT THE AUTHOR

...view details