অসম

assam

ETV Bharat / state

কাশ্মীৰ উপত্যকালৈ অসমৰ পৰা 10 হাজাৰ জোৱান - আইন শৃংখলা

কাশ্মীৰত উগ্ৰপন্থীৰ কূটাঘাটৰ লগতে আইন শৃংখলাজনিত গতিবিধিৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰখাৰ উদ্দেশ্য তেজপুৰৰ পৰা নিয়া হৈছে কেবাহাজাৰ জোৱানক

কাশ্মীৰ উপত্যকালৈ অসমৰ পৰা 10 হাজাৰ জোৱান

By

Published : Aug 3, 2019, 3:03 PM IST

Updated : Aug 3, 2019, 5:28 PM IST


তেজপুৰ,৩ আগষ্ট: কেন্দ্ৰীয় চৰকাৰে তৎকালীন ভাৱে বাতিল কৰিছে অমৰ নাথ যাত্ৰা । ভক্ত সকলক ইতিমধ্যে ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে । কিয়নো কাশ্মীৰৰ উপত্যকাত পাকিস্তানী সন্ত্ৰসবাদীৰ ভয়ানক কূটাঘাটৰ আশংকা কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ বিভাগে । ইতিমধ্যে অমৰনাথৰ পথত লেণ্ডমাইনৰ সংস্থাপন কৰাৰ আশংকা কৰিছে ৷ উল্লেখ্য যে শুকুৰবাৰে সুৰক্ষা কৰ্মীয়ে অত্যাধুনিক M-24 Snipar মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে ।


এই সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত থকা কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ (চিআৰপিএফ)ৰ বৃহৎ সংখ্যক কোম্পানী তৎকালীন ভাৱে কাশ্মীৰলৈ প্ৰেৰণ কৰিছে । কাশ্মীৰত উগ্ৰপন্থীৰ কূটাঘাটৰ লগতে আইন শৃংখলাজনিত গতিবিধিৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰখাৰ উদ্দেশ্য এই ব্যৱস্থাৰ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । অসমত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ (চিআৰপিএফ)ৰ 20 ৰপৰা 30 হাজাৰ জোৱান বিভিন্ন আইন শৃংখলা জনিত সুৰক্ষাৰ বাবে নিয়োজিত আছিল,আৰু ইয়াৰ ভিতৰত 70-80 টা কোম্পানী ইতিমধ্যে অসমৰ পৰা লৈ যোৱা হৈছে অৰ্থাৎ প্ৰায় 9,450ৰ পৰা 10,800 জন চি আৰ পি এফৰ জোৱান কাশ্মীৰ ঘাটিত নিজৰ কৰ্তব্য চম্ভালি লৈছে ।

কাশ্মীৰ উপত্যকালৈ সেনা সঞ্চালন বৃদ্ধি


উল্লেখযোগ্য যে 1 টা কোম্পানীত 100ৰ পৰা 135 জন জোৱান সামৰি লোৱা হয় । আনহাতে তেজপুৰ চহৰৰ আইন শৃংখলাৰ বাবে এই মুহূৰ্তত 1 টা কোম্পানী ব্যৱহাৰ কৰা হৈছে সকলো সময়তে । আৰু সমগ্ৰ শোণিতপুৰ জিলাত 2 টা কোম্পানী নিয়োজিত হৈ আছে । ইয়াৰ লগতে অন্যান্য সুৰক্ষা বাহিনীৰ জোৱানও নিয়োজিত হৈ আছে তেজপুৰত ৷ আগন্তুক 15 আগষ্ট লৈকে কাশ্মীৰ ভয়াৱহ কূটাঘাতৰ আশংকাত কৰা হৈছে ৷

Last Updated : Aug 3, 2019, 5:28 PM IST

ABOUT THE AUTHOR

...view details