ৰঙাপৰা, 11 মে’ :মঙলবাৰে চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ’ল ৰঙাপৰা (Heated situation at Rangapara) ৷ চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ প্ৰাপ্য দৰমহাকে ধৰি বিভিন্ন সমস্যসমূহ সমাধানৰ দাবীত মঙলবাৰে অসম চাহ মজদুৰ সংঘই ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী (Tea workers and employees protest at Rangapara) ।
ৰঙাপৰাৰ এ পি জে চাহ কোম্পানী লিমিটেড(APJ Tea Company Limited) ৰ অধীনত থকা ধূলাপাদুং, চেঁচা, ঘইৰালি আৰু বৰজুলি চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল’গানেৰে অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাই এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে, অসমত থকা এ পি জে চাহ কোম্পানীৰ 17 খন চাহ বাগিচাত হাজাৰ হাজাৰ চাহ শ্ৰমিক-কৰ্মচাৰীসকল জড়িত হৈ আছে ।
শ্ৰমিক ৰাইজৰ জ্বলন্ত সমস্যাৰাজি সমাধানৰ দাবীত বিগত সময়চোৱাত কেইবালানি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পাচতো মালিকপক্ষই সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে । সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷