ৰঙাপৰা,29 মাৰ্চ: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এইবাৰ মহাভাৰতৰ সাধু ৷ ৰঙাপৰাৰ ফুলবাৰীত অনুষ্ঠিত বিজেপি কৰ্মী সভাত অংশগ্ৰহণ কৰি তৰুণ গগৈক আধুনিক যুগৰ ধৃতৰাষ্ট্ৰ আখ্যা বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
"তৰুণ গগৈ আধুনিক যুগৰ ধৃতৰাষ্ট্ৰ" - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - pallab lochan das
তেজপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে এইবাৰ কমেও দুই লাখ ভোটত জয়ী হ'ব বুলি দাবী কৰি এম জি ভি কে ভানু পল্লৱৰ বাবে কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
এই সভাতে অসমীয়া-বঙালী য'ত যায় যাওঁক বুলি এতিয়া 'হু ইজ বদৰুদ্দিন' কোৱা তৰুণ গগৈয়ে পুত্ৰস্নেহত সকলো পাহৰি গৈছে বুলি উল্লেখ কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফক চাচা-ভতিজা বুলি কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই । আনহাতে,তেজপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে এইবাৰ কমেও দুই লাখ ভোটত জয়ী হ'ব বুলি দাবী কৰি এম জি ভি কে ভানু পল্লৱৰ বাবে কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ কেৱল এয়াই নহয়, সৰ্বানন্দ সোণোৱাল অথবা খোদ তেখেতেই বিজেপি নকৰিলেও গোৰ্খাসকলে সদায় বিজেপিয়েই কৰি যাব বুলিও দাবী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷