অসম

assam

By

Published : May 10, 2022, 8:05 PM IST

ETV Bharat / state

কেতিয়া আৰম্ভ হ’ব চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহত শিক্ষাদান ?

চাহ বাগিচাৰ অঞ্চলসমূহত উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ৰাজ্যখনত ১১৯ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে (Model high school in tea garden area)৷ সেই মৰ্মে আগবঢ়োৱা হৈছিল কাম-কাজ ৷ প্ৰায় সম্পূৰ্ণ কৰা হৈছে আন্তঃগাঁথনিৰ কাম ৷ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণো অব্যাহত ৰখা হৈছে যদিও পাঠদান কেতিয়া আৰম্ভ হ’ব তাক লৈ অনিশ্চয়তাই দেখা দিছে ৷

Model high school in tea garden area
কেতিয়া আৰম্ভ হ’ব চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহত শিক্ষাদান ?

তেজপুৰ, ১০ মে':অসমৰ চাহ বাগিচাৰ অঞ্চলসমূহত উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ৰাজ্যখনত ১১৯ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰি শৈক্ষিক আন্দোলন গঢ়ি তুলিব বিচৰা হৈছিল আৰু ২০২০ চনৰ ২ নৱেম্বৰত এই বিদ্যালয়সমূহৰ আধাৰশিলা স্থাপন কৰা হৈছিল (Model High school in tea garden area)। সেই অনুসৰি শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিত এখন, ঢেকীয়াজুলি সমষ্টিত তিনিখন আৰু ৰঙাপৰা সমষ্টিত ছয়খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় ২০২০ ৰ পহিলা নৱেম্বৰত আধাৰশিলা কৰে তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (High schools in Assam tea estates)।

ইয়াৰে ৰঙাপৰা সমষ্টিৰ তিনিখন বিদ্যালয় ক্ৰমে ফুলবাৰী, নাহৰণি আৰু ঠাকুৰবাৰীৰ নিৰ্মাণকাৰ্য আজিও সম্পূৰ্ণ হোৱা নাই । উল্লেখযোগ্য যে, ইতিমধ্যে ৰাজ্যত বিদ্যালয়সমূহত শিক্ষাবৰ্ষ আৰম্ভ হৈছে আৰু এটা মাহৰ পাছত ছমহীয়া পৰীক্ষা অনুষ্ঠিত হ’ব ৷ কিন্ত চাহ বাগিচাৰ এই বিদ্যালয়সমূহৰ আজিও শিক্ষকৰ নিযুক্তি কাম সম্পূৰ্ণ হৈ উঠা নাই । ইফালে চলিত মাহৰ ১৫ তাৰিখে বিদ্যালয়সমূহৰ পাঠদান মুকলি কৰাৰ বাবে বিভাগীয়ভাৱে প্ৰস্তুতি চলাই থকা হৈছে ।

বিদ্যালয়সমূহ মুকলি কৰাৰ বাবে চলোৱা প্ৰস্তুতি অনুসৰি প্ৰায়সমূহ বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ডেস্ক-বেঞ্চ আৰু চকী-টেবুলৰ যোগান ধৰা হৈছে ৷ ইয়াৰোপৰি কেউখন বিদ্যালয়তে কিতাপৰ যোগান ধৰা হৈছে । বিদ্যালয়সমূহত অব্যাহত আছে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিও । প্ৰায়সমূহ বিদ্যালয়তে এগৰাকী প্ৰধান শিক্ষকসহ আন সাতজনকৈ শিক্ষক অন্যান্য বিদ্যালয়সমূহৰ পৰা বদলি কৰা হৈছে যদিও প্ৰতিখন বিদ্যালয়তে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই ।

ৰাজ্য চৰকাৰৰ অন্যান্য বিদ্যালয়সমূহত চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰাই পাঠদান আৰম্ভ হৈছে যদিও চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহৰ নামভৰ্তি আজিও অব্যাহত আছে (Admission in tea garden area model schools) ৷ আনহাতে আন্তঃগাঁথনিৰ সামগ্ৰী সম্পূৰ্ণ নোহোৱাত বিদ্যালয়সমূহৰ পাঠদান বিগত এমাহে আৰম্ভ কৰিব পৰা নহ’ল । শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে নতুন নিযুক্তিৰ বাবে মকৰল কৰা ঘোষণা কৰিছে যদিও সদ্যহতে এই শিক্ষকসকলক অন্য বিদ্যালয়সমূহৰ পৰা বদলি কৰি নতুনকৈ স্থাপন কৰা আদৰ্শ বিদ্যালয়সমূহত নিযুক্তি প্ৰদান কৰিছে ।

উল্লেখ্য যে, যিসমূহ পুৰণি বিদ্যালয়সমূহৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক বদলি কৰি নতুনকৈ স্থাপন কৰা বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিছে সেইসমূহ বিদ্যালয়ত সমস্যাই দেখা দিয়া বুলি জানিব পৰা গৈছে ৷ শিক্ষকৰ নাটনিৰ ফলত পূৰ্বৰ চৰকাৰী বিদ্যালয়সমূহত হ’বলগীয়া ক্ষতিৰ ক্ষেত্ৰত চৰকাৰে কেনেদৰে মুকাবিলা কৰিব তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছে । আনহাতে নতুন বিদ্যালয়সমূহত শিক্ষকৰ নাটনিৰ ফলত সৃষ্টি হ’বলগীয়া সমস্যাই শিক্ষাব্যৱস্থাত কিদৰে প্ৰভাৱ পেলাব সেয়া সময়তহে পৰিলক্ষিত হ’ব ।

লগতে পঢ়ক:বিধায়ক বসন্ত দাসৰ সমষ্টিত ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাতায়ত

ABOUT THE AUTHOR

...view details