অসম

assam

ETV Bharat / state

COVID 19ক লৈ শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

তেজপুৰ চহৰৰ লগতে জিলাখনৰ অধিক গণ সমাৱেশ হোৱা ঠাইত বিশেষকৈ বজাৰ,হাট আদিত ৰেপিড এন্টিজেন টেষ্ট কৰিবলৈ প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে । এই টেষ্ট হেম বৰুৱা ভৱন,পৰুৱাস্থিত মাতৃ আৰু শিশু চিকিৎসালয়,আৰু ডনবক্স' স্কুলত পৰীক্ষা কৰোৱাৰ সুবিধা উপলব্ধ হ'ব আৰু আধা ঘণ্টাৰ ভিতৰতে পৰীক্ষাৰ ফলাফল পোৱা যাব ।

By

Published : Jul 20, 2020, 3:40 PM IST

Updated : Jul 20, 2020, 7:15 PM IST

Special initiative of Sonitpur district administration for COVID 19
COVID 19ক লৈ শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

তেজপুৰ,20 জুলাইঃ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ যাৰ পৰিপ্ৰেক্ষিতত অধিক তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰতিখন জিলাত ৷ ক'ভিড 19ৰ গণ সংক্ৰমণ বৃদ্ধিৰ আশংকাৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷

COVID 19ক লৈ শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

শোণিতপুৰ জিলাতো জিলা প্ৰশাসনে কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷এই সতৰ্কতাৰ অংশ হিচাপে তেজপুৰ চহৰৰ লগতে জিলাখনৰ অধিক গণ সমাৱেশ হোৱা ঠাইত বিশেষকৈ বজাৰ,হাট আদিত ৰেপিড এন্টিজেন টেষ্ট কৰিবলৈ প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে । হেম বৰুৱা ভৱন,পৰুৱাস্থিত মাতৃ আৰু শিশু চিকিৎসালয় আৰু ডনবক্স' স্কুলত এই টেষ্ট পৰীক্ষা কৰোৱাৰ সুবিধা উপলব্ধ হ'ব আৰু আধা ঘণ্টাৰ ভিতৰতে পৰীক্ষাৰ ফলাফল পোৱা যাব ।এই বিশেষ পদক্ষেপৰ কথা অৱগত কৰিছে উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ৷

COVID 19ক লৈ শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

আজি তেজপুৰ চহৰৰ হেম বৰুৱা ভৱনত জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে এই টেষ্টৰ মুকলি কৰি মন্তব্য কৰে যে,শোণিতপুৰ জিলাত 24,136 টা স্বাৱ টেষ্ট কৰা হৈছে আৰু বৰ্তমানলৈকে পৰীক্ষাৰ ফলাফলত 592 গৰাকী লোকৰ দেহত ক'ভিড 19 প'জিটিভ পোৱা গৈছে । ইয়াৰ ভিতৰত 422 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

ইয়াৰ উপৰি জিলাখনত কণ্টেইনমেণ্ট জ'ন হিচাপে হিচাপে আছে 24 খন ঠাই ৷ আনহাতে কোৱাৰেণ্টাইন কেন্দ্ৰত মুঠ 3418 খন বিছনাৰ লগতে 1758 গৰাকী লোক কোৱাৰেণ্টাইন হৈ থকাৰ কথাও সাংবাদিকক জানিবলৈ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়কঃবান বিভীষিকা: ৰাজ্যত বানৰ কবলত পৰি মৃত্য়ু 84 গৰাকীৰ

Last Updated : Jul 20, 2020, 7:15 PM IST

ABOUT THE AUTHOR

...view details