চতিয়া, ৫ অক্টোবৰ : ফেচবুক পেজ 'ধ্বনি সাংস্কৃতিক গোষ্ঠী'ৰ উদ্যোগত সদৌ অসম ভিত্তিত অনলাইনযোগে অনুষ্ঠিত কৰা ভাওনাৰ বচন প্ৰতিযোগিতাৰ বিজয়ীসকলক দেওবাৰে বঁটা প্ৰদান কৰা হয় । লকডাউনৰ সময়চোৱাত ঘৰতে আবদ্ধ হৈ থকা ভাওনাৰ অভিনয়ৰ প্ৰতি আগ্ৰহী লোকসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । চলিত বৰ্ষৰ যোৱা মে' মাহত অনলাইনযোগে সদৌ অসম ভিত্তিত আয়োজন কৰা ভাওনাৰ বচন প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক দেওবাৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে বঁটা প্ৰদান কৰে ।
জামুগুৰিহাটত ভাওনাৰ বচন প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান - শোণিতপুৰ
শোণিতপুৰৰ জামুগুৰিহাটত ফেচবুক পেজ 'ধ্বনি সাংস্কৃতিক গোষ্ঠী'ৰ উদ্যোগত সদৌ অসম ভিত্তিত অনলাইনযোগে আয়োজন কৰা ভাওনাৰ বচন প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন । COVID-19ৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সকলো স্বাস্থ্যবিধি মানি জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰাংগনত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় ।
জামুগুৰিহাটত ভাওনাৰ বচন প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান
এই প্ৰতিযোগিতা পুৰুষ, মহিলা আৰু শিশুসকলৰ মাজত অনুষ্ঠিত কৰা হৈছিল । COVID-19ৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সকলো স্বাস্থ্যবিধি মানি জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰাংগনত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় । শ্ৰেষ্ঠ স্থান লাভ কৰা 10 গৰাকী প্ৰতিযোগীক এখনকৈ ফুলাম গামোছা, চেলেং চাদৰ, শৰাই আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে 'ধ্বনি সাংস্কৃতিক গোষ্ঠী'য়ে ৷
লগতে পঢ়ক :ড্ৰেগন ফলৰ খেতিয়ে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত