অসম

assam

By

Published : Oct 1, 2019, 9:11 AM IST

ETV Bharat / state

শোণিতপুৰৰ নৱ-নিযুক্ত উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ দায়িত্ব গ্ৰহণ

2012 চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানবেন্দ্ৰ প্ৰতাপ সিঙে সোমবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত নৱ-নিযুক্ত উপায়ুক্তগৰাকীয়ে বিদায়ী উপায়ুক্ত নৰসিং পৱাৰৰ পৰা শোণিতপুৰ জিলাৰ উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷

মানবেন্দ্ৰ প্ৰতাপ সিং

তেজপুৰ, 1 অক্টোবৰ : 2012 চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানবেন্দ্ৰ প্ৰতাপ সিঙে সোমবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত নৱ-নিযুক্ত উপায়ুক্তগৰাকীয়ে বিদায়ী উপায়ুক্ত নৰসিং পৱাৰৰ পৰা শোণিতপুৰ জিলাৰ উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে মানবেন্দ্ৰ প্ৰতাপ সিঙে ধেমাজি জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

ইয়াৰোপৰি, নৰসিং পৱাৰক ধেমাজি জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ৷ তেখেতে 2019 চনৰ 21 জানুৱাৰীত শোণিতপুৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ৷

দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে জিলা প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়া আৰু কৰ্মচাৰীসকলে নৱ-নিযুক্ত উপায়ুক্তগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে বিদায়ী উপায়ুক্ত নৰসিং পৱাৰক বিদায় সম্ভাষণ জনায় ৷ ইয়াৰ পাছতে নৱনিযুক্ত উপায়ুক্তগৰাকীৰ সৈতে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ এক পৰিচয় পৰ্বও অনুষ্ঠিত হয় ৷ এই সভাতে মানবেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনৰ উন্নয়ন আৰু ৰাইজৰ হকে কাম কৰি যাবলৈ সকলোৰে ওচৰত সহায় সহযোগিতা কামনা কৰে ৷

ABOUT THE AUTHOR

...view details