শোণিতপুৰ,21জুলাই: শোণিতপুৰ জিলাৰ জামুগুৰি কেন্দ্ৰস্থলৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰে ক’ভিড-19ৰ উপস্থিতি ৷ মহিলাগৰাকী মাণ্টি দত্ত কুণ্ডু বুলি জানিব পৰা গৈছে ৷ জিলাখনৰ চতিয়া সমষ্টিৰ অন্তৰ্গত কুসুমটোলাৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ চাউনিত স্বাস্থ্য বিভাগৰ দ্ধাৰা আয়োজিত ৰেপিদ এন্টিজেন টেষ্টত মহিলাগৰাকী চিনাক্ত হয় ক’ভিড আক্ৰান্ত বুলি ৷
শোণিতপুৰ জিলাত পুনৰ এগৰাকী মহিলা আক্ৰান্ত কৰ'ণা ভাইৰাছত - কৰ'ণা ভাইৰাছ
শোণিতপুৰ জিলাত ৰেপিদ এন্টিজেন টেষ্টত ধৰা পৰিল এগৰাকী মহিলা ক’ভিড-19ত আক্ৰান্ত হোৱাৰ কথা ৷ মহিলাগৰাকীৰ নাছিল কোনো ভ্ৰমণ ইতিহাস ৷ মহিলাগৰাকীক বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷
শোণিতপুৰ জিলাত পুনৰ এগৰাকী মহিলা আক্ৰান্ত কৰ'ণা ভাইৰাছত
কোনো ভ্ৰমণ ইতিহাস নথকা মহিলাগৰাকীক বৰ্তমান চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ ইফালে, মহিলাগৰাকীৰ বাসগৃহটোৰ লগতে বাসগৃহৰ সন্মুখত থকা নিজ ব্যৱসায়িক প্ৰতিস্থানখনো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰি ছীল কৰিছে প্ৰশাসনে ৷ মঙলবাৰৰ দিনটোলৈ চতিয়া সমষ্টিত ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ২০ লৈ বৃদ্ধি পাই ৷
অন্য এক খবৰৰ বাবে:বানৰ শেহতীয়া খবৰঃ এইপৰ্যন্ত মৃত্য়ু 85,ক্ষতিগ্ৰস্ত 24,48,128 গৰাকী
Last Updated : Jul 23, 2020, 11:27 AM IST