ৰঙাপৰা, 29 এপ্ৰিল : শোণিতপুৰৰ মিছামাৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড(Sensational murder at Rangapara) । এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো ৷ কিয়নো নিজ পুত্ৰৰ হাততে প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃৰ (Son killed his mother at Rangapara) ৷
ঘটনাৰ বিৱৰণি অনুসৰি, বুধবাৰে পুৱা প্ৰায় 7 বজাত মিছামাৰীৰ বেলিশিৰি আৰক্ষী চকীৰ অন্তৰ্গত খনাজান গাঁৱৰ নিৱাসী প্ৰদীপ ব্ৰহ্মৰ দ্বিতীয় পুত্ৰ মাদাও ব্ৰহ্ম(24)ৰ সৈতে মাতৃ গালি ব্ৰহ্মৰ প্ৰথমতে কোনো কথা বাক-বিতণ্ডাত লিপ্ত হয় । তেনে সময়তে খঙত অগ্নিশৰ্মা হৈ মাদাওৱে মাতৃ গালি ব্ৰহ্মক পাকঘৰত ভাত ৰান্ধি থকাৰ অৱস্থাত এখন কুঠাৰৰে মূৰত আঘাত কৰে ৷
পুত্ৰ আঘাতৰ ফলত পাকঘৰতে ঢলি পৰে মাতৃ গালি ব্ৰহ্ম । কিন্তু ইমানতেই ক্ষান্ত নাথাকি মাদাওৱে মাতৃ গালি ব্ৰহ্মক পাকঘৰৰ পৰা চোতাললৈ চোচৰাই লৈ আহে আৰু চোতালত কুঠাৰখনৰে নিজ মাতৃকে উপৰ্যুপৰি প্ৰহাৰ কৰে । ইফালে এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে পত্নীক পুত্ৰ আক্ৰমণৰ পৰা বচাবলৈ স্বামী প্ৰদীপ ব্ৰহ্ম আগবাঢ়ি আহিছিল ৷ কিন্তু মাতৃক প্ৰহাৰ কৰা কুঠাৰখনেনে পিতৃকো আঘাত কৰিবলৈ আগবাঢ়ি আহে পুত্ৰ মাদাও ৷