অসম

assam

ETV Bharat / state

ৰঙাপৰা মহাবিদ্যালয়ত আৰম্ভ হ’ল বিজ্ঞান শাখা - ৰঙাপৰা মহাবিদ্যালয়

ৰঙাপৰা মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা সংযোজন কৰাৰ লগতে ১৫ গৰাকীকৈ সহকাৰী অধ্যাপকক নিযুক্তি প্ৰদান কৰে ৰাজ্যৰ শিক্ষা বিভাগে ৷

ৰঙাপৰা মহাবিদ্যালয়
ৰঙাপৰা মহাবিদ্যালয়

By

Published : Nov 2, 2020, 5:26 PM IST

ৰঙাপৰা, 2 নৱেম্বৰ:ৰঙাপৰা মহাবিদ্যালয়ত নতুনকৈ সংযোজন হ'ল বিজ্ঞান শাখা ৷ অঞ্চলটোৰ শৈক্ষিক দিশৰ উত্তৰণৰ উদ্দেশ্যৰে ৰঙাপৰা মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰিলে শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয় খনত বিজ্ঞান শাখাৰ ১৫ গৰাকীকৈ সহকাৰী অধ্যাপকক নিযুক্তি প্ৰদান কৰে ৷

ৰঙাপৰা মহাবিদ্যালয়ত শুভাৰম্ভ বিজ্ঞান শাখাৰ

সোমবাৰে পুৱা প্ৰায় 10 বজাত মন্ত্ৰী গৰাকীয়ে বিজ্ঞান ভৱনটিৰ শুভ উদ্বোধন কৰে ৷ ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মুকলি সভাত ৰঙাপৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী চাৰু চহৰীয়া নাথ, অসম মহাবিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ দাস, সম্পাদক হিমাংশু মৰল, অসম পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়, জিলা বিজেপিৰ সভাপতি তুলসী বৰঠাকুৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস উপস্থিত থাকে ৷ ৰঙাপৰা মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ বাবে পদাৰ্থ বিজ্ঞানত ৩ গৰাকী, ৰাসায়ন বিজ্ঞানত ৩ গৰাকী, প্ৰাণী বিজ্ঞানত ৩ গৰাকী, উদ্ভিদ বিজ্ঞানত ৩ গৰাকী, অংকশাস্ত্ৰত ৩ গৰাকীকৈ সহকাৰী অধ্যাপকসহ এগৰাকী সহ সহায়ক আৰু 4 গৰাকী বি.আৰ.আৰক নিযুক্তি প্ৰদান কৰে শিক্ষা বিভাগে ৷

লগতে পঢ়ক:বিদ্যালয় খোলাৰ দিনাই পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details