তেজপুৰ, 7 জুলাই : ইম্ফলৰ কুকি মহিলা ডংগাইচিঙক গুলীয়াই হত্যা কৰাৰ পিছত পুনৰ হিংসাৰ দাবানলত মণিপুৰত ৷ শুকুৰবাৰে পুৱা বিষ্ণুপুৰ অঞ্চলত দুৰ্বৃত্তৰ পুনৰ গুলিয়াগুলি ৷ এই ঘটনাত 3 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ ইয়াৰে দুজন পাহাৰৰ আৰু এজন ভৈয়ামৰ বুলি জানিব পৰা গৈছে ৷ আনহাতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় এই ঘটনাত ৷
স্থানীয় সূত্ৰৰ মতে বৰ্তমানেও গুলীচালনা হৈ আছে ৷ জানিব পৰা মতে বৃহস্পতিবাৰে প্ৰায় 3,500 লোকৰ এক সমদলে এখন আৰক্ষী থানা ভাঙি অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যায় ৷ পশ্চিম ইম্ফল জিলাৰ ‘শিশু শান্তি নিকেতন’ নামৰ এখন বিদ্যালয়ৰ চৌহদৰ সমীপত এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা হয় ৷ অভিযোগ অনুসৰি মেইতেই অস্ত্ৰধাৰী যুৱক জড়িত এই কুকি মহিলা গৰাকীৰ হত্যাকাণ্ডত ৷ কোৱা হৈছে যে ইম্ফল এতিয়া কুকি মুক্ত ৷ Ethnic Cleansing সম্পূৰ্ণ ইম্ফলত ৷ একাংশৰ মতে ডংগাইচিঙ আছিল আত্মঘাতী বোমাৰু ৷ কিন্তু Indigenous Tribal Leader's Forum ৰ মতে মানসিকভাৱে অসুস্থ আছিল মহিলাগৰাকী আৰু সেইবাবেই সকলো কুকি ইম্ফলৰ পৰা পলাই যোৱাৰ সময়ত হাজাৰ বাৰ কোৱাৰ পিছতো ইম্ফল এৰা নাছিল দুৰ্ভগীয়া মহিলাগৰাকীয়ে ৷