গুৱাহাটীত ছাত্ৰৰ পথ দুৰ্ঘটনা; উন্নত চিকিৎসাৰ বাবে এইমছলৈ প্ৰেৰণ - serious-condition
গুৱাহাটীত পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত জামুগুৰিহাটৰ ছাত্ৰ ৷ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ এইমচলৈ ৷ আৰ্থিক অনুদান বিচাৰি আহ্বান পৰিয়াল-শুভাকাংক্ষীৰ ৷
চতিয়া,10এপ্ৰিল: অধ্যয়নৰ বাবে লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ থকা অৱস্থাত শনিবাৰে মহানগৰীৰ নুনমাটিত এক শোকাৱহ পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হৈ সম্প্ৰতি সংকতজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মেধাৱী ছাত্ৰ বিশাল হাজৰিকা৷ জামুগুৰিহাটৰ হাজৰিকাচুক নিৱাসী বতু হাজৰিকা আৰু মেৰী হাজৰিকাৰ একমাত্ৰ পুত্ৰ তথা গুৱাহাটীস্থিত জি আই এম টিত ডি-ফাৰ্মৰ ছাত্ৰ বিশালে শনিবাৰে সন্ধিয়া বাইকৰে গৈ থকা অৱস্থাত নুনমাটিত এক দুৰ্ঘটনাত পতিত হৈ গুৰুত্বৰ ভাৱে আহত হোৱা বিশালক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নাৰেংগীৰ গেট হস্পিতালত৷ কিন্তু এই দুৰ্ঘটনাত মূৰ, ভৰি, হাতৰ লগতে শৰীৰৰ বিভিন্ন অংশত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত বিশালৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰিছে দিল্লীৰ এইমচলৈ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ বিশালৰ জীৱনলৈ নামি অহা এই দুৰ্যোগৰ সময়ত পৰিয়ালৰ লোকে কোনো সদাসয় ব্যক্তিৰ পৰা সহায় বিচাৰিছে ৷ লগতে কোনো হৃদয়ৱান ব্যক্তিয়ে আৰ্থিক অনুদান আগবঢ়াবলৈ বিচাৰিলে মুকুল বৰুৱা, একাউন্ট নং - ৫০২৫৫৭৬১৬৮৭ এলাহাবাদ বেঙ্ক, তেজপুৰ শাখা, আই, এফ, এচ, চি- ২২০৬৩৭ ত সহায় আগবঢ়াব পাৰিব৷