অসম

assam

ETV Bharat / state

সাংবাদিক আক্ৰমণৰ বিৰুদ্ধে সৰৱ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি - সাংবাদিক

ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ কৰা ঘটনা সংঘটিত হয় ৷ অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনে ঘটনাত জড়িত দুৰ্বৃত্তক কঠোৰ শাস্তিৰ দাবী কৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷

Reporters Atteked By Unknown Persons At  RANGAPARA
সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে সৰৱ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি

By

Published : Aug 30, 2020, 8:47 PM IST

ৰঙাপৰা, 30 আগষ্টঃ ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ তেজপুৰত দুৰ্বৃত্তই আক্ৰমণ কৰিলে সাংবাদিকক । উল্লেখযোগ্য যে, ইউ এন আইৰ সাংবাদিক মেৰু মিঠু কটকীক শনিবাৰে সন্ধিয়া তেজপুৰ প্ৰধান ডাকঘৰৰ সন্মুখত এখন বগা ৰঙৰ গাড়ীৰ পৰা নামি আহি দুৰ্বৃত্তই সাংবাদিক জনক নাম সুধি হঠাৎ উপৰ্যুপৰি আক্ৰমণ কৰি পলায়ন কৰে।

সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে সৰৱ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি

ইপিনে ঘটনাৰ বিষয়ে জানিব পাৰি পৰৱর্তী সময়ত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সদস্য সকলে ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিক জনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। সস্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আনহাতে কিছুদিন পূৰ্বে ৰঙাপৰাত পঞ্চায়তৰ দুৰ্নীতি বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ বাবেই দুস্কৃতিকাৰীয়ে ঘৰত গৈ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল সাংবাদিক জনক।

উক্ত দুয়োটা ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত সৰৱ হৈ পৰিছে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্য ৷ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এইখন চৰকাৰ খনৰ দিনত সাংবাদিক সকল মুঠেই সুৰক্ষিত নহয় । এইখন চৰকাৰৰ শাসনকালতে ইজনৰ পিচত সিজন সংবাদকৰ্মী আক্ৰমণৰ বলি হৈছে ৷ দুয়োটা ঘটনাক কৃষক শ্ৰমিক সুৰক্ষা সমিতিৰ অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ লগতে শোণিতপুৰ জিলাৰ সাংবাদিক সকলে তীব্র গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনায় ৷

লগতে পঢ়ক- কলিয়াভোমোৰাৰ ওপৰেৰে বনজ সম্পদৰ অবৈধ সৰবৰাহ

ABOUT THE AUTHOR

...view details