অসম

assam

ETV Bharat / state

শোণিতপুৰত সাপ্তাহিক বজাৰ খোলাৰ দাবী ক্ষুদ্ৰ ব্যৱসায়ীৰ - গ্ৰাম্যঞ্চলৰ অৰ্থনৈতিক ভেটি

বৰ্তমান আনলক ৪ ৰ নীতি অনুসৰি প্ৰায়বোৰ ব্যৱসায়ীক প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিলে যদিও গ্ৰামাঞ্চলৰ সপ্তাহিক বজাৰ সমূহ খোলাৰ ক্ষেত্ৰত চৰকাৰে কোনো স্পষ্ট নিৰ্দেশনা প্ৰদান নকৰাত ক্ষুদ্ৰ ব্যৱসায়ী সকল ক্ষোভিত হৈ পৰিছে ।

Rangapora weekly market story
শোণিতপুৰত সাপ্তাহিক বজাৰ খোলাৰ দাবী ক্ষুদ্ৰ ব্যৱসায়ীৰ

By

Published : Sep 5, 2020, 6:18 PM IST

ৰঙাপৰা, 5 চেপ্টেম্বৰ: শোণিতপুৰত আজিও বন্ধ হৈ আছে সাপ্তাহিক বজাৰ সমূহ । সাপ্তাহিক বজাৰ সমূহত এতিয়া বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে । দীৰ্ঘদিন ধৰি বজাৰ সমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত গ্ৰাম্যঞ্চলৰ অৰ্থনৈতিক ভেটি বিধ্বস্ত হৈ পৰিছে । শোণিতপুৰত থকা সাপ্তাহিক বজাৰ খোলাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ৰঙাপৰাৰ বজাৰ ব্যৱসায়ী সন্থাই । ৰঙাপৰাৰ সমীপৱৰ্তী খেলমাটি সাপ্তাহিক বজাৰত ব্যৱসায়ী আৰু চাফাই কৰ্মীসকলে হাতে হাতে ফেষ্টুন লৈ চৰকাৰক বজাৰ খোলাৰ বাবে দাবী উত্থাপন কৰিছে । বন্ধ হৈ থকা সাপ্তাহিক বজাৰত ব্যৱসায়ৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকলে আজি জীৱন জীৱিকা চলোৱাৰ ক্ষেত্ৰত হাহাকাৰ কৰিবলগীয়া হৈছে । বিগত পাঁচমাহে গ্ৰাম্য অঞ্চলত চলি থকা সাপ্তাহিক বজাৰ সমূহ আজিকোপতি বন্ধ হৈ থকাত বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে ।

ইফালে, সাপ্তাহিক বজাৰ সমূহ বন্ধ হৈ থকাত বজাৰ গৃহ সমূহ ভাঙি জৰাজীৰ্ণ হোৱাৰ লগতে হাবি জংঘলৰে আগুৰি ধৰিছে । মৰিশালিৰ দৰে পৰিৱেশে বিৰাজ কৰিছে বজাৰস্থলীত।

শোণিতপুৰত সাপ্তাহিক বজাৰ খোলাৰ দাবী ক্ষুদ্ৰ ব্যৱসায়ীৰ

উল্লেখ্য যে, বৰ্তমান আনলক ৪ ৰ নীতি অনুসৰি প্ৰায়বোৰ ব্যৱসায়ীক প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিলে যদিও গ্ৰামাঞ্চলৰ সপ্তাহিক বজাৰ সমূহ খোলাৰ ক্ষেত্ৰত চৰকাৰে কোনো স্পষ্ট নিৰ্দেশনা প্ৰদান নকৰাত ক্ষুদ্ৰ ব্যৱসায়ী সকল ক্ষোভিত হৈ পৰিছে ।

লগতে পঢ়ক : যোৰহাটত এক চাঞ্চল্যকৰ হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details