অসম

assam

ETV Bharat / state

ৰঙাপৰাত ১১ বছৰ ধৰি বিকল পানী যোগান আঁচনি - শোণিতপুৰ

শোণিতপুৰত ১১ বছৰ ধৰিপানী যোগান আঁচনি বিকল হৈ পৰি থকাৰ বাবে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱ অঞ্চলবাসীৰ মাজত ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ ১নং সংমণ্ডলৰ অধীনত চেঁচা চাহ বাগিচাৰ চাওৰা লাইনত ২০০৮ চনতে স্থাপন কৰা হৈছিল চেঁচা-পানবাৰী পানী যোগান আঁচনিখন।

১১ বছৰ ধৰি বিকল হৈ পৰি আছে পানী যোগান আঁচনি

By

Published : Mar 29, 2019, 2:01 PM IST

শোণিতপুৰ, ২৯ মাৰ্চঃ এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে শোণিপুৰ জিলাৰ ৰঙাপৰাবাসীয়ে । ৰঙাপৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগে লাখ লাখ টকা ব্যয় কৰি চেঁচা-পানবাৰী পানী যোগান আঁচনিখন স্থাপন কৰিছিল যদিও দীৰ্ঘদিনৰে পৰা বিকল হৈ পৰি আছে পানী যোগান আঁচনিখন । আঁচনিখন বিকল হৈ পৰাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ।

১১ বছৰ ধৰি বিকল হৈ পৰি আছে পানী যোগান আঁচনি

উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ ১নং সংমণ্ডলৰ অধীনত চেঁচা চাহ বাগিচাৰ চাওৰা লাইনত ২০০৮ চনতে স্থাপন কৰা হৈছিল চেঁচা-পানবাৰী পানী যোগান আঁচনিখন। কিন্তু বিভাগটোৰ হেমাহিৰ বাবে বিগত ১১ বছৰ ধৰি পানী যোগান আঁচনিখন বিকল হৈ পৰি থকাৰ বাবে বহু সমস্যাত ভুগিব লগা হৈছেঅঞ্চলবাসী । বিশেষকৈ গ্ৰাম্য অঞ্চলত পানী যোগান আচনিখন বিকল হৈ থকাত গাওবাসী এটুপি খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । বিভাগটোৰ মন্ত্ৰী ৰিহণদৈমাৰীক এই সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । আনকি চাওৰা লাইনৰ নিৱাসী চমৰা চাওৰা নামৰলোকজনৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগে ডেৰ কঠা ভূমি অধিগ্ৰহণ কৰি লোকজনক পানী যোগান আঁচনিখনত চৰকাৰী চাকৰি দিয়া প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈ কোনো সংস্থাপন নিদিয়াত ক্ষোভিত হৈ পৰে যুৱকজন । সম্প্ৰতি চোৱা-চিতাৰ অভাৱত জহি-খহি যাবলৈ ধৰিছে পানী যোগান আঁচনিখন । ৰঙাপৰাবাসীয়ে এই বিকল হৈ পৰা পানী যোগান আঁচনিখন অতি শীঘ্ৰে কাৰ্যক্ষম কৰি অঞ্চলবাসীক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ বিভাগটোক দাবী জনায় ।

ABOUT THE AUTHOR

...view details