ৰঙাপৰা,19মেঃ মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউন ৰঙাপৰাত ভেকো ভাওঁনাত পৰিণত হোৱা অভিযোগ উঠিছে। ৰঙাপৰা চহৰখনত অভাৱনীয় ভিৰ কৰি তুলিছে ৰাইজে । চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি একাংশ ৰাইজে অযথা চহৰখনত ঘূৰি ফুৰা পৰিলক্ষিত হয়। বজাৰ, দোকান, বেংক আদি স্থানত ৰাইজে ভিৰ কৰি তুলিছে। ৰঙাপৰাত সামাজিক দূৰত্বৰ নাম গোন্ধই নাই। ৰাজ্যখনত ক'ভিড-১৯ৰ পজিটিভৰ সংখ্যা এশজনলৈ বৃদ্ধি পোৱাৰ লগতে শোণিতপুৰ জিলাত এজনৰ দেহত ক'ভিড-১৯ লক্ষণ ধৰা পৰাৰ পিছতো একাংশই সামাজিক দূৰত্ব বৰ্তাই নৰখাৰ অভিযোগ ৷
ৰঙাপৰাত লক ডাউন অমান্য - ৰঙাপৰাত ভেকো ভাওঁনাত
ৰঙাপৰাত লকডাউন ধোঁৱাচাঙত বজাত অভাৱনীয় ভিৰ সামাজিক দূৰত্বৰ নামত ভেকোভাওঁনা ৷
ৰঙাপৰাত একাংশ ব্যৱসায়ীয়ে নিজৰ লাভৰ স্বাৰ্থত জলাঞ্জলি দিছে সামাজিক দুৰত্বৰ সকলো নীতি নিয়ম । গুৰুত্ব নাই ক‘ৰণা দৰে মহামাৰীৰ ভয়াবহতাৰ দৈনিক বজাৰত এইদৰে সমাজিক দুৰত্ব ভংগ কৰি হাজাৰ হাজাৰ লোকৰ সমাবেশ হোৱাটোৱে ৰঙাপৰাবাসী ৰাইজলৈ যেন এক অশনি সংকেত কঢ়িয়াই আনিছে ৷ ইফালে ৰঙাপৰাত একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে । ৰঙাপৰাত লক ডাউনৰ নামত ভেকোভাওঁনা চলি থকাৰ পিছতো জিলা প্ৰশাসন কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।
লগতে পঢ়কঃ নগাঁৱৰ এম জি ৰোড ছীল আৰক্ষীৰ