অসম

assam

ETV Bharat / state

ৰঙাপৰাত সমন্বয় সমিতিৰ উদ্যোগত বিহুৰ কৰ্মশালা

অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন ৷ সকলো ব্যস্ততাৰ মাজতো ৰঙাপৰা অঞ্চলটোত ঢোল-পেঁপাৰ শব্দত মুখৰিত হৈ পৰিছে । ঢুলীয়াৰ ঢোলৰ শব্দত ৰজনজনাই গৈছে চাৰিওদিশ ৷ ফাগুনৰ পচোৱাই মন উন্মাদ কৰাৰ পিছে পিছে কুলি কেতেকীৰ মাতেও শুৱনি কৰিলে চৌদিশ ৷ মদাৰ, শিমলু, পলাশৰ লগে লগে ফুলিল কপৌফুল ৷ চৌদিশে বসন্তৰ আগমনত মন উন্মনা, উন্মুক্ত প্ৰেমৰ আকুল আহ্বান ।

By

Published : Mar 31, 2019, 4:10 PM IST

ৰঙাপৰাত সমন্বয় সমিতিৰ উদ্যোগত বিহুৰ কৰ্মশালা

ৰঙাপৰা,31 মাৰ্চঃএনে সময়তে ৰঙাপৰাত বাপতি সাহোন বিহুটিক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্ততি ৷ নৱপ্ৰজন্মৰ মাজত বিহু কলা-কৃষ্টি জীয়াই ৰাখিবলৈ ৰঙাপৰা সমন্বয় সমিতিৰ উদ্যোগত এমাহীয়া এক বিহু কৰ্মশালা চলি আছে । তেজপুৰৰ গুলেশ্বৰ বড়ো আৰু তেখেতৰ পত্নী কবিতা স্বৰ্গীয়াৰীয়ে ৰঙাপৰাৰ নৱপ্ৰজন্মৰ মাজত বিহু নৃত্যৰ প্ৰশিক্ষণ দিছে। কৰ্মশালাত ঢোল, পেঁপাৰ চেৱে চেৱে কঁকাল ঘূৰাইনাচনীয়ে মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে ৷

ৰঙাপৰাত সমন্বয় সমিতিৰ উদ্যোগত বিহুৰ কৰ্মশালা

ABOUT THE AUTHOR

...view details